সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
মাতৃ

হাঁহি বিৰিঙ্গিলে তেনেতে পলৰ হাতখন থৰক্ বৰক্ কৰে কপি থকা দেখিবলৈ পালত তাৰ পেটত কিবা ভয়ৰ সঞ্চাৰ হৈছিল। আৰু ওপৰলৈ চাই পলৰ শেঁতা পৰা মুখখন দেখিলত তাৰো মনত কিবা আশঙ্কা উপজিছিল। সি সুধিলে “আপোনাৰ অসুখ হৈছেনে কি?”

 পলে মূৰটো লৰাই একো অসুখ হোৱা নাই বুলি ঈঙ্গিত দিলে কিন্তু সিমানতো পলৰ অসুখ নহৈছিল বুলি এন্টিয়কাছে ভাবিব নোৱাৰিলে। পলৰ মনত এনেহে লাগিছিল যেন তাৰ মুখখন তেজস্বী পুৰুষৰদৰে তেজী হৈ পৰিল। কিন্তু ইমানতো এগছি আশাৰ প্ৰদীপ ছেগ চাই লহ পহ কৰে বাঢ়ি উঠিছিল।

 “মই ঢাঁচ্ কৰে মাটিত পৰি মৰণৰ আশ্ৰয় ল’ম। মোৰ হিয়া ফাটি যাব। আৰু সেয়ে হ’লে সকলো দুখ-দৈন্যৰো ওৰ পৰিব!”

 পল তেতিয়া আকৌ গীৰ্জ্জাঘৰৰ ভিতৰ সোমাল। তাৰ মাকে কোন মানুহ কেতিয়া ভিতৰ সোমাইছে তাৰ হিচাপ লৈ থকা দেখিবলৈ পালে। দেখাত মাক গভীৰ আৰু তেওঁৰ মুখৰ আকৃতি দেখিলে তেওঁ যে ধৈৰ্য্যতা আৰু সৎ সাহস লভিছে এনে লাগিছিল।

 কিন্তু বেচেৰা পলৰ আৰু সাহ নজন্মিল। তাৰ অন্তৰত উমি উমি জলি থকা আশাৰ প্ৰদীপটি মাথোন বাকী আছিল। ই কোনো পাৰ্থিব সুখৰ আশা নহয়। বৰঞ্চ ই জীৱনৰ মেলানি মাগিবলৈ কৰা আশা হে।

 ইয়াৰ পিচত পলে গীৰ্জ্জাঘৰৰ এচুকত জীৱনৰ পাপ পুণ্যৰ সোৱঁৰণ কৰিবলৈ বাট চাই থকা তিৰোতাসকলৰ ওচৰলৈ গ’ল। আৰু এখন আঁৰ কাপোৰৰ ভিতৰেদি ফুচফুচাই কোৱা তেওঁবিলাকৰ পাপ আৰু অধৰ্ম্মৰ কাৰ্য্যবিলাকৰ কথা আৰু মাজে সময়ে হুমুনিয়াহ একোটা পলৰ