7
৫ মাতৃজাতি
ইতিহাস আক জীৱনী পঢ়া উচিত। চিলায়, ভাতবন্ধা» _ নৰিয়া শুআযাও তিৰোতাই জনা উচিত। যি বিলাক কিতাপে _ সন্তান-পালন, গৃহস্থি কমখবচে চলোৱ| বা আন কোনো _ অৰ্থকৰী হাতৰ কামৰ শিক্ষা দিয়ে তাক পঢ়া উচিত। নাটক ‘নভেল’ হাভেবে নুচুৱাই ভাল, তাবপবা বিশেষ, লাভ একো! নহয় । ;
তিৰোতাৰ জীৱনৰ বিভাগঃ--তিবোতাৰ জীৱন চাৰি ছোরাত ভাগ কৰিব পাৰিঃ--প্রথম ছোৱা--ছোৱালী অবস্থা অর্থাৎ গিৰীয়েকৰ la যোৱাৰ আগখিনি পর্যস্ত। দ্বিতীয় ছোরা_-গিবীরেকব ঘৰলৈ যোৱাৰ পিছৰ পবা লবা-ছোরালীৰ মুখ দেখালৈ। তৃতীয় ছোৱ|--লৰা-ছোৱালী ডাঙৰ দীঘল হোৱালৈ ৷ চতুর্থ ছোৱা--বুঢ়া কাল |
প্রথম ছোরা|-- বিয়া দি গিবীয়েকৰ ঘবলৈ উলিয়াই দিয়াৰ আগলৈকে--এই ছোৱা তিবোত! মানুহৰ বৰ সুখব জীৱন ৷ এই সময় তেওঁ “বৰঘৰ শুৱনী জিয়াৰী ছোৱালী” মাক বাপেকৰ আলাসৰ, লাৰু, সকলোৰে মবমধ ৷ মাক ৰাপেকেও সাধাৰণতঃ লবাতকৈ ,ছোৱালীক হে বেছি মৰম কৰে। এই সময়ত ছোৱালীৰ বিশেষ একো দায়নিত্ব নাই । এই সময়তে তিৰোত| জীৱনৰ বাকী কেই ছোৱাৰ নিমিত্তে উপযুক্ত শিক্ষা লোৱাৰ সোণালী সময়। ছোৱালীক এই সময়ত উপযুক্ত শিক্ষা দিয়াৰ দায়িত্ব মাক বাপেকব। ওপৰত |. এই বিয়য়ে সন্তান পালন খণ্ডত বহলাই লিখা হব |