সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাতৃজাতি ৫

নাপায়, আক নিজৰে| জীৱন দুঃসহ কৰে আৰু গৃহবর্তীলোকে তেওঁৰ মৃত্যুত ৰক্ষাৰ উশাহ লৈ নিজে উদ্ধাৰ হল বুলি ভগৱানক ধন্যবাদ দিয়ে । আন পিনে সজ তিৰোতাই বুঢ়াকালত একলোবে সন্মান পায়, স্ুখে-স্বাচ্ছন্দ্যে জীৱনৰ শেষ দিন কেইটা কটায়, নিজৰ ওচৰ-চুবুৰীয়া, লবাছোরালী, আত্মীয় স্বজনক কন্ছুৱাই তেওঁৰ পৱিত্ৰ স্মৃতি সকলোৰে মনত থৈ যায় |

আই, তোমাৰ জীৱন এনে দায়িত্বপূৰ্ণ, এনে গৌৰৱময় আক তুমি এনে শক্তিমতী। নিজে সুখে থাকি, কেনেকৈ নিজৰ লৰাছোৱালীক BA oie সৎ কৰিব পাৰি, নিজ্ৰ স্বামীক

- কেনেকৈ স্তখ দিব পাবি, আক ঘৰৰ অন্যান্য গুৰুজন আৰু

ওচৰচুবুৰীয়াৰ মৰম আক. ভক্তি আকর্ষণ কৰি, গৌৰৱময় জীবন যাপন কৰিব পাৰি, নিজৰ ঘৰখন শান্তিপূর্ণ কৰিব পাৰি, তাৰ বিষয়ে এই কিতাপত বহলাই কম ৷ “চৰিত্ৰ গঠন” তুমি পটিছা। সেইখন কিতাপতে তুমি জানিবলগীয়া বহুতো কথা আছে, তাৰ উপবিও-তিবোতাই যিবোব কথা বিশেষকৈ জনা উচিত, আৰু যি কাম কৰিলে তোমাৰ পিতৃকুল আৰু স্বামীকুলৰ নাম উজলাব পাৰিবা, তাকেই এই পুথিত বহলাই কোরা হব। ইয়াৰ ভিতৰত বহুকথ।

_ইতিপূৰ্ব্বে মই মুখেৰে কৈছে৷ আৰু বহুত কথ| তোমালৈ চিঠিত লিখা হৈছিল, সেইবোৰ মোৰ বিশ্বাস তোমাৰ মনত

আছে। ভগৱানৰ ওচৰত খাটো যেন এই কিতাপ খনয়ে