সমললৈ যাওক

পৃষ্ঠা:মাতৃজাতি.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫, মাতৃজাতি

শিক্ষকৰ বব বেছি ধৈৰ্ধ্যগুণ লাগে । যি বিলাক শিক্ষকৰ কথাই কথাই খং উঠে, কথাই কথাই লৰাক শাস্তি ব| ডাবি দিয়ে, সেই বিলাক শিক্ষকৰ উপযুক্ত নহয়--যিবিলাক মাক-বাপেকৰ সহজে খং উঠে আক কথাই কথাই. লৰাক শাস্তি দিয়ে--তেওঁলোকেও লৰাক শিক্ষিত কৰিব নোৱাৰে। কথাই কথাই লৰাক শান্তি দি শিক্ষা দিয়| পদ্ধতি আজি কালি মনোবিজ্ঞানবিদসকলে সমর্থন নকৰে ৷ তাৰ পৰা! লবাৰ যে অলপো উপকাৰ নহয় সি ধুৰুপ, বৰঞ্চ বেছি বেয়াহে হয়। শাস্তি নিদিয়াকৈ আৰু খং নকৰাকৈ যি শিক্ষকে উৎসাহ দি লৰাক শিক্ষা দিব. পাৰে, সেয়েহে প্রকৃত শিক্ষক তোমাৰ লবা-ছোবালী ভগৱানৰ অংশ, ভগৱানৰ মৃত্তি-- তেওঁৰ অনন্ত শক্তি সিহঁতৰ ভিতৰত লুকাই আছে | সিযে কিমান ওপৰলৈ উঠিব পাৰে, কিমান যে ডাঙৰ কাম কৰিব পাবে, তাক কোরা টান | সেই অনন্ত শক্তি লুকাই -থকাৰ পৰ| বাজ উলিগুৱাৰ সুবিধা কৰি দিয়াই, লৰাৰ বাপেক আৰু শিক্ষকৰ কৰ্ত্তব্য । প্রকৃত ইচ্ছা আৰু চেষ্টা কৰিলে কোনো কৰিব নোরাবা কাম এই বিশ্ব ভ্ৰহ্মাওত নাই | যদি এই ভাবটো লৰাৰ মনত স্থমাই দি তাৰ আগত উচ্চ আক মহান আদর্শ দাঙি ধৰিব পাবা,। তেনেহলে তোমাৰ কাম শেষ হল--সেই ভাৱটোৱে তাক ওপৰলৈ নিব | এটা সজ ভাৱে এটা সজ চিন্তাই, এটা মহান আদৰ্শই