সমললৈ যাওক

পৃষ্ঠা:মহাৰাণী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বিতীয় তাঙ্গৰণ।

 এই তাঙ্গৰণত ছপাৰ আখৰবোৰ লৰা-ছোৱালীৰ সুচলাৰ্থে ডাঙ্গৰ কৰাত আৰু নতুন কথাও অলপ অচৰপ লগোৱাত কিতাপৰ কলেৰ আগতকৈ এফেৰি বাঢ়িল; আৰু শিশুৰ মনোৰঞ্জনাৰ্থে ভাল কাগজত ছপা কৰি ইয়াক সচিত্ৰও কৰা গলে। গতিকে কিতাপৰ বেচো চৰতীয়া এটি বঢ়াব লগা হল। ইতি।

তেজপুৰ,
১৮২৪ শঁক।
   }
গ্ৰন্থকাৰ।
 

⸻

তৃতীয় তাঙ্গৰণ।

 এই তাঙ্গৰণত পুথিৰ ৰচনা আগতকৈও সৰল কৰিবৰ মনেৰে ঠায়ে-ঠায়ে পকোৱা বাক্য কিছুমান পোনাই দিয়া গৈছে, আৰু মাজে-মাজে নতুন লাগতিয়াল কথা লগাই দি ছবিও গোটা দিয়েক বঢ়াই দিয়াত ইয়াৰ কলেৱৰ আগতকৈ কিঞ্চিৎ শকত হৈছে; গতিকে পুথিৰ বেচো এফেৰিমান বাঢ়িছে। ইতি।

তেজপুৰ,
১৮২৪ শঁক।
   }
গ্ৰন্থকাৰ।
 

⸻