সমললৈ যাওক

পৃষ্ঠা:মহাৰাণী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বিতীয় তাঙ্গৰণ।

 এই তাঙ্গৰণত ছপাৰ আখৰবোৰ লৰা-ছোৱালীৰ সুচলাৰ্থে ডাঙ্গৰ কৰাত আৰু নতুন কথাও অলপ অচৰপ লগোৱাত কিতাপৰ কলেৰ আগতকৈ এফেৰি বাঢ়িল; আৰু শিশুৰ মনোৰঞ্জনাৰ্থে ভাল কাগজত ছপা কৰি ইয়াক সচিত্ৰও কৰা গলে। গতিকে কিতাপৰ বেচো চৰতীয়া এটি বঢ়াব লগা হল। ইতি।

তেজপুৰ,
১৮২৪ শঁক।
গ্ৰন্থকাৰ।
 

তৃতীয় তাঙ্গৰণ।

 এই তাঙ্গৰণত পুথিৰ ৰচনা আগতকৈও সৰল কৰিবৰ মনেৰে ঠায়ে-ঠায়ে পকোৱা বাক্য কিছুমান পোনাই দিয়া গৈছে, আৰু মাজে-মাজে নতুন লাগতিয়াল কথা লগাই দি ছবিও গোটা দিয়েক বঢ়াই দিয়াত ইয়াৰ কলেৱৰ আগতকৈ কিঞ্চিৎ শকত হৈছে; গতিকে পুথিৰ বেচো এফেৰিমান বাঢ়িছে। ইতি।

তেজপুৰ,
১৮২৪ শঁক।
গ্ৰন্থকাৰ।