সমললৈ যাওক

পৃষ্ঠা:মহাৰাণী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৬। আধ্যা।

সামৰণি। 

ইংলণ্ডৰ ৰাজপাটত মহাৰাণী ভিক্টোৰীয়াৰ পূৰ্ব্বে কোনো মহাৰজা বা মহাৰাণীয়ে তেওঁৰ দৰে যশস্যা লাভ কৰিব পৰা নাছিল। ভাৰতেশ্বৰী ভিক্টোৰীয়াৰ সমান দীৰ্ঘকাল ৰাজত্বও কোনো মহাৰজা বা মহাৰাণীয়ে ভোগ কৰা নাই। মহাৰাণীৰ পিতামহ মহাৰজা তৃতীয় জৰ্জ্জে মাথোন ইংলণ্ডৰ ৰাজপাটত ৬০ তিনি কুৰি বছৰ বহিছিল; কিন্তু, শেহৰ তিনিকুৰীয়া বছ- বটো তেওঁৰ পূৰ্ণ হবলৈ নাপালে। কিন্তু, মহাৰাণী ভিক্টোৰীয়াই তেওঁত-কৈও তিনি বছৰ অধিক, অৰ্থাৎ তিনি কুৰি তিনি বছৰ পূৰাই ৰাজত্ব ভোগ কৰিলে। খ্ৰীঃ ১৮৮৭ চনত মহাৰাণীৰ ৰাজত্বৰ কাল ৫০ বছৰ পূৰ হওঁতে, সেই বছৰতে তেওঁৰ প্ৰথম ‘জুবিলি’ হয়। এই উৎসৱত বৃটিছ ৰাজ্য জুৰি তেওঁৰ ভক্ত প্ৰজাবৰ্গ আনন্দত উধাও হৈছিল। তাৰ দহ বছৰৰ পাচত, ১৮৯৭ খ্ৰীষ্টা- ব্দত তেওঁৰ ৰাজত্বৰ কাল তিনি কুৰি বছৰীয়া হয়। ভক্ত প্ৰজা- বৰ্গে সেই চনৰ জানুৱাৰী মাহতে উৎসৱ পাতিবলৈ স্থিৰ কৰি ছিল; কিন্তু বছৰ পূৰ নেহোৱাকৈ মহাৰাণীয়ে সেই সম্মান লবলৈ মান্তি নহল। গতিকে, সেই চনৰ ২০ জুন তাৰিখেহে তেওঁৰ তিনি কুৰি বছৰীয়া ৰাজত্বৰ সন্মানৰ অৰ্থে বৃটিছ, ৰাজ্য