কালৰ পাচতে, প্ৰিয়তমা কন্যা এলিচা আৰু নুমলীয়া পুত্ৰ লিও-
পোল্ডৰ অকাল-মৃত্যুত মহাৰাণী একেবাৰে মৰণান্তিক হৈ পৰিল।
ইমান সন্তাপতো মহাৰাণীয়ে মনৰ শোক মনতে মাৰ নিয়াই ৰাজ-
কাৰ্য্যত মনোযোগ দিছিল। এই দৰে কিছুকাল যোৱাৰ পাচত,
খ্ৰীঃ ১৮৯১ চনত আকৌ এটা মহা শোকৰ খুন্দাত মহাৰাণী অস্থিৰ
হৈ পৰিল। মহাৰাণীৰ অতি চেনেহৰ বৰ নাতি, কোৱঁৰ এড-
ৱাৰ্ডৰ প্ৰথম পুত্ৰ, নাতি-কোৱঁৰ এলবাৰ্ট ভিক্টৰ অকাল-মৃত্যু
ঘটিল। এই জন কোৱঁৰ ভাৰতবৰ্ষলৈকো আহিছিল; আৰু
ৰাজপৰিয়ালৰ ভিতৰত এওঁ মহাৰাণীৰ সবাত্কৈ অধিক চেনেহৰ
আছিল। এওঁৰ অকাল-মৃত্যুত মহাৰাণীৰ ভগা বুকুত-শোকৰ
বিষম খুন্দা পৰিল। কিন্তু, ইমানতো দেবীতুল্যা ভাগ্যৱতী মহাৰাণীৰ
সন্তাপৰ অন্ত নপৰিল! মহাৰাণীৰ অতি চেনেহৰ মাজিউ পুত্ৰ
ডিউক তাৱ এডিনবৰা অকালত কালৰ গৰাহত পৰিল! এই
বিলাক বিয়োগ-শোকৰ উপৰিও, ৰাজকীয় দুৰ্ঘটনাই মহাৰাণীৰ
জীৱনৰ শেহছোৱাত অশান্তি ঘটাৱলৈ ধৰিলে। ওপৰত কৈ
অহা লেকেতীয়া বুৱৰ-ৰণত অসংখ্য নৰ-প্ৰাণীহানি হোৱাত দয়া-
ৱতী মহাৰাণীৰ মন-প্ৰাণ অস্থিৰ হৈ পৰিছিল। মৃত্যুৰ আগ ভাগ-
লৈকে এই যুদ্ধৰ কথা ভাবি আৰু তাৰ গতি-গোত্ৰ চাই তেওঁ চকু
লো টুকিছিল।
পৃষ্ঠা:মহাৰাণী.pdf/৪০
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
মহাৰাণী ৷