সমললৈ যাওক

পৃষ্ঠা:মহাৰাণী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩। আধ্যা।

পত্নী আৰু মাতৃ জীৱন। 

 ৰাজপাটত উঠাৰ তিনি বছৰৰ পাছত, খ্ৰীঃ ১৮৪০ চনৰ ১০ ফেব্ৰুৱাৰীত জাৰ্মানীৰ ভিতৰৰ চেক্সকোবৰ্গ প্ৰদেশৰ ৰাজকুমাৰ কোৱঁৰ এলবাৰ্টৰে সৈতে মহাৰাণী ভিক্টোৰীয়াৰ শুভ পৰিণয় হয়। কোৱঁৰ এলবাৰ্ট আৰু মহাৰাণী ভিক্টোৰীয়াৰ ভিতৰত স্বামী-ভাৰ্য্যাৰ প্ৰেম আৰু মিলন জগতৰ আৰ্হিৰ বস্তু। প্ৰেমিক-প্ৰেমিকাৰ মধু-মিলনৰ কথা উপন্যাস বা সাধুকথাত হে পোৱা যায়। কোৱঁৰৰ প্ৰতি মহাৰাণীৰ এনে প্ৰেম-ভক্তি আছিল যে এসময়ত এজন বন্ধুলৈ চিঠিত নিজৰ স্বামীৰ কথা তেওঁ এই দৰে লিখিছিল, – “ৰাজ-কোৱঁৰৰ নিচিনা পৱিত্ৰ, প্ৰিয়তম, আৰু মহাপুৰুষ মোৰ জীৱনত আন কাকো নেদেখোঁ।” স্বামীৰ প্ৰতি ভাৰ্য্যাৰ এনে ওখ পৱিত্ৰ ভাব, তিৰোতা সমাজৰ নিমিত্তে অতি নিৰ্ম্মল আৰ্হিৰ বস্তু।

 তেওঁ পৃথিবীৰ এগৰাকী ক্ষমতাৱতী মহাৰাণী; কিন্তু স্বামী তেওঁৰো অধীশ্বৰ। সঁচাকৈ, মহাৰাণীৰ মানত তেওঁৰ স্বামী তেওঁৰ ৰাজ্যতকৈয়ো ডাঙ্গৰ আছিল। স্বামীৰ গুণ ৰাইজক বুজাওঁতে তেওঁৰ নিজৰ সকলো গুণ তল পেলাইছিল।