ভিক্টোৰীয়াৰ ১১ বছৰ বয়সত, শ্রীঃ ১৮৩০ চনত, চতুর্থ জর্জ ৰজা স্বৰ্গী হল। সেই চনতে ৰজাৰ ভায়েক, ভিক্টোৰীয়াৰ দদায়েক চতুর্থ উইলিয়ম ইংলণ্ডৰ ৰাজপাটত উঠিল । ককায়েক চতুর্থ জৰ্জ আক এওঁৰ সতিসন্তান নাছিল। গতিকে, উইলিয়াম ৰজা স্বৰ্গী হলেই, কুমাৰী ভিক্টোৰীয়া ইংলণ্ডৰ পটেশ্বৰী হোৱাই পৈনত হৈ আহিল। সময় বুজি, বুদ্ধিমতী লুইচাই কুমাৰীক ইংলেণ্ডৰ বুৰঞ্জী শিক্ষাত লগালে। এই বিষয়ৰ শিক্ষা দিওঁতে, এদিন শিক্ষয়িত্রী লোজেনে ইংলণ্ডৰ ৰাজপৰিয়ালৰ বংশাৱলী এখন আঁকি কুমাৰীয়ে পঢ়া বুৰঞ্জী পুথিখনৰ মাজতে গোপনে লগাই থলে: ভিক্টোৰীয়াই পাঠ আওৰাবলৈ কিতাপ মোলোঁ- তেই সেই বংশাৱলীত তেওঁৰ চকু পৰিল। তেওঁ বংশাৱলীখন মনপাৰি চাই দেখিলে বে, বৰ্ত্তমান ৰজাৰ পৰলোক হোৱাৰ পাচতে, ইংলণ্ডৰ ৰাজপাটত তেওঁ উঠিব লাগিব। এই কথাত সাগৰৰ নিচিনা গহীন প্ৰকৃতিৰ ভিক্টোৰীয়া অলপেো নটলিল। দদায়েকৰ ৰাজ্যত পটেশ্বৰী হবলৈ পোৱা আনন্দৰ ভাবে তেওঁক অলপে৷ অধীৰ কৰিব নোৱাৰিলে | তেওঁ গম্ভীৰ ভাৱে লোজে- নৰ আগত এই দৰেহে কলে,--“ৰাজদণ্ডৰ ভাৰ অতি গুৰু ; মোৰ সামান্য শক্তিয়ে সেই ভাৰ বব পাৰিব নে ? ৰাজপাটত উঠিবলৈ পোৱাটো গধুৰ বিষয়; কিন্তু দায়িত্বৰ ভাৰ তাতোকৈ গধুৰ ৷” এই বুলি তেওঁ নিজৰ সৌ-হাতখনি শিক্ষয়িত্ৰীৰ হাতলৈ আগবঢ়াই দি, “মই ভাল হম” বুলি তেওঁৰ হাতত ধৰি সংকল্প