এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬
মহাৰাণী
ধৰ্ম্মভাবো বাঢ়ি আহিবলৈ ধৰিলে । আন কি, পাচলৈ তেওঁৰ ঈম্মৰ-ভক্তি ৰাজ্যত এটি পৱিত্ৰ পটন্তৰ হৈ উঠিল।
এদিন দয়াবতী কুমাৰী ভিক্টোৰীয়াই দোকানৰ পৰ| নিজৰ, লাগতিয়াল বস্তু কিণিবলৈ গৈছিল। পিচে, সেই দোকানতে আৰু এজনী দুখুনী :তিৰোত৷ই তাইৰ লাগতিয়াল এটা বস্তুৰ দৰ কবিছিলগৈ। কিন্তু, বস্তুটোৰ যিমান বেচ সিমান দি কিণ্বিলৈ তাইৰ অর্থ যুগুতি নাছিল ; গতিকে, তাই বেজাৰ মনেৰে তাক আগৰ ঠাইতে ৰাখি গুচি গল। ভিক্টোৰীয়াৰ কোমল প্রাণত?, এই কথা বৰকৈ লাগিল; গতিকে তেওঁ নিজৰ ধনেৰে বস্তুটি কিনি সেই তিৰোতাজনীলৈ আদৰেৰে পঠিয়াই দিলে |