সজ শিক্ষাৰ গুণত ভিক্টোৰীয়াৰ স্বভাৱ-চৰিত্ৰৰ দিনে দিনে উন্নতি হবলৈ ধৰিলে। তেওঁৰ নিৰ্ম্মল চৰিত্ৰই ৰাজ্যৰ ৰজা, মন্ত্ৰী আৰু প্ৰজাবৰ্গক মোহ লগাব পৰা হল। কুমাৰীৰ প্ৰতি সিবিলাকৰ প্ৰীতি আৰু ভক্তি বাঢ়িবলৈ ধৰাত তেওঁৰ দুখুনী মাকৰে৷ ভাগ্য প্ৰসন্ন হল। ভিক্টোৰীয়া পাঁচ বছৰীয়াটি হওঁতেই, তেওঁৰ সুশি- ক্ষাৰ নিমিত্তে মন্ত্ৰী-সভাৰপৰা বছৰি ৬০০০০, টকা মঞ্জুৰ কৰি দিয়া হল। তাৰেপৰা বিধবা লুইচাৰ অৰ্থৰ কষ্ট কিছু পৰিমাণে গুচিল। ডাক্তৰ ডেভিচ্ আৰু বেৰোনেজ লোজেন নামে এগৰাকী ভদ্ৰবংশীয়া তিৰোতাৰ গাত কুমাৰী ভিক্টোৰীয়াক শিক্ষা দিয়াৰ ভাব দিয়া হল। তাৰ লগে লগে গুণৱতী আৰু বুদ্ধিমতী মাতৃ লুইচাই কুমাৰীৰ চৰিত্ৰৰ উন্নতি সাধিবলৈ বিশেষ মনোযোগ দিলে। অতি বুদ্ধিমতী কুমাৰী ভিক্টোৰীয়াই নিচেই কোমল বয়সতে ইংৰাজী, কৰাচী, জন্মানী, লাটীন আৰু গ্ৰীক্ ভাষা শিকাত বৰ পাৰ্গতালি দেখাইছিল। ইয়াৰ লগে লগে তেওঁৰ অঙ্ক-শাস্ত্ৰ আৰু উদ্ভিদ্-বিদ্যাতো জ্ঞান জন্মিছিল। কুমাৰী ভিক্টোৰীয়াক শিক্ষা দিওঁ তে, তেওঁৰ চোকা বুদ্ধিৰ চিনাকি পাই, শিকাওঁতা সকলে সময়ে সময়ে আচৰিত মানিছিল।
কুমাৰী ভিক্টোৰীয়া সৰুৰেপৰা অতি দয়াৰতী, সত্যপ্ৰিয়া আৰু ধাৰ্ম্মিকা আছিল। ধাৰ্ম্মিকা মাতৃ লুইচাৰ যত্নত খৃষ্টান ধৰ্ম্মৰ পৱিত্ৰ ধৰ্ম্ম-পুথি বাইবেল শিক্ষা কৰি তেওঁ অতিশয় ঈশ্বৰ- পৰায়ণা হৈ উঠিছিল। বয়সৰ লগে লগে কুমাৰীৰ পৱিত্ৰ