সমললৈ যাওক

পৃষ্ঠা:মহাৰাণী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪ মহাৰাণী।

এডালমানৰ তল হৈ যোৱা হলেই, এই মহৎ জীৱনৰ অঙ্কুৰৰ্টি তেতিয়াই অন্ত পৰিলহেঁতেন। সাগৰৰ দাঁতিত বাস কৰাৰপৰা কোৱঁৰ এড্‌ৱাৰ্ডৰ স্বাস্থ্য অলপ ভাল হৈছিল। কিন্তু, হঠাতে আকৌ নৰিয়া টান হৈ উঠাত, তাতে তেওঁৰ মৃত্যু হল; গতিকে পতিহীনা ৰাজবোৱাৰী লুইচাই কোলাত কেঁচৱা ভিক্টোৰীয়াক লৈ কান্দি কান্দি ৰাজঘৰলৈ উলটি আহিল।

  কোৱঁৰ এড্‌ৱাৰ্ডৰ মৰণৰ পাচত, তেওঁৰ বিধৱা ভায্যা নিচেই দুখীয়া হৈ পৰিল। এনে অৱস্থাতো,লুইচাই নিজৰ সুলক্ষণীয়া কন্যাৰ আগলৈ উন্নতিৰ নিমিত্তে প্ৰাণপণে যত্ন কৰিবলৈ ধৰিলে। এই বিষয়ত মাজে সময়ে তেওঁক ভায়েক বেল্জি্য়মৰ ৰজা লিওপোল্ডে সহায় কৰিছিল। “যি লাই বাঢ়িব, তাৰ দুপতীয়াতে চিন্‌”; কোমল বয়সীয়া ভিক্টোৰীয়ায়ো গুণৱতী মাতৃৰ সজ উপদেশবিলাক মনত লৈ দিনে দিনে ভৱিষ্যৎ উন্নতিৰ চিন্‌ দেখুৱাবলৈ ধৰিলে। কোৱঁৰ এড্‌ৱাৰ্ড স্বৰ্গী হোৱাৰ কিছুমান দিনৰ পাচতে তেওঁৰ পিতাক তৃতীয় জৰ্জ্জ ৰজাৰো লোকান্তৰ হল; আৰু ভিক্টোৰীয়াৰ দদায়েক চতুৰ্থ জৰ্জ্জ ইংলণ্ডৰ ৰাজপাটত বহিল |

 ৰজা চতুৰ্থ জৰ্জ্জৰ আৰু তেওঁৰ ভায়েকৰ কোনো সন্ততি নাছিল। সেই কাৰণে, ভবিষ্যতে কুমাৰী ভিক্টোৰীয়া ইংলণ্ডৰ ৰাণী হোৱাৰ আগন্তুক দেখা গল। এই পবিত্ৰ আশাটি অন্তৰত লৈ গুণৱতী মাতৃ বিধৱা লুইচাই ভিক্টোৰীয়াক ৰাজপাটৰ উপযুক্তা কৰি তুলিবলৈ তলে তলে বৰ যন্ত্ৰ কৰিবলৈ ধৰিলে। মাতৃৰ