সমললৈ যাওক

পৃষ্ঠা:মহাৰাণী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মহাৰাণী।

এড্‌ৱাৰ্ড তেওঁৰ ককায়েক-ভায়েকসকলৰ দৰে চহকী নাছিল আন কি, ৰাজ-ভঁড়ালৰপৰা তেওঁ যি বৃত্তি পাইছিল, তাৰে সৈতে তেওঁ তেওঁৰ ভাৰ্য্যা পোহ যাবলৈকে টান পৰিছিল। সেই কাৰণে, বিবাহৰ পাচত নতুন ভাৰ্য্যাক লগত লৈ তেওঁ শহুৰেকৰ সহায়েৰে কিছুকাল জৰ্ম্মানিত বাস কৰিছিলগৈ। বছৰচেৰেকৰ পাচত তেওঁ ইংলণ্ডলৈ উভতি আহি কেন্‌চিংটন নামে ৰাজঘৰত পূৰ্ব্বৰ বৃত্তিৰে সৈতে সংসাৰ চলাই থাকে। সেই সময়তে, সেই ঘৰতে কোৱঁৰ এৱাৰ্ডৰ এটি সুলক্ষণীয়া কন্যা লাভ হয়। কন্যাটিৰ ৰূপৰ জেউতিত ৰাজঘৰ ভক্ভকীয়াকৈ পোহৰ হল। জন্মৰ শুভক্ষণ আৰু কন্যাৰ গাত সৌভাগ্যৰ চিন্ দেখি ৰাজ-পৰিয়ালৰ মনত বৰ আনন্দ হল। এই কন্যাটীয়েই কুমাৰী এলেকজেন্দ্ৰিনা ভিক্টোৰীয়া। এওঁৱে কালত ইংলণ্ডৰ পটেশ্বৰী, আৰু ভাৰতবৰ্ষৰ সম্ৰাজ্ঞী হয়।

কুমাৰী কাল।

 ভিক্টোৰীয়াৰ কেঁচুৱা কালতে পিতাক এড্‌ৱাৰ্ড কোৱঁৰৰ স্বাস্থ্য বেয়া হবলৈ ধৰে; সেই কাৰণে তেওঁ বেজ-জ্ঞানীৰ উপদেশ মতে কিছুকাল সপৰিয়ালে সাগৰৰ দাঁতিত বাস কৰিছিলগৈ। তাতে কুমাৰী ভিক্টোৰীয়াৰ জীৱনৰ প্ৰথম বিপদ পাৰ হয়। এদিন এটা লৰাই সাগৰৰ দাঁতিত বালিমাহী চৰাই গুলিয়াই মাৰি ফুৰিছিল; পিচে, অকস্মাৎ তাৰে এটা সৰু গুলি আহি কোলাত থকা ভিক্টোৰীয়াৰ মূৰৰ চুলি চুই পাৰ হৈ গল! গুলিটো আৰু চুলি