সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯
পৰিশিষ্ট

গোলোকৰে সৈতে ঘনাই চিঠি-পত্ৰ দিয়া-দি কৰিছিলো। গোলোকৰ চিঠিবোৰত উচ্চ অভিলাষ আৰু দেশপ্ৰেম ভালকৈ ফুটি ওলাইছিল। সেই সময়ত গোলোকৰ মনত এটি বৈৰাগ্য ভাবৰ জন্ম হয়, সংসাৰত যেন সকলো মিছা, সংসাৰ যেন অকল দুখৰহে ঠাই। ১৯০৮ চনৰ ডিচেম্বৰ মাহত ভায়েক বাবুলীৰ মৃত্যু হোৱাত এই বৈৰাগ্যভাব আৰু ঘনীভূত হয়। নিৰ্ম্মালিৰ অন্তৰ্গত ‘সুখ-দুখ’ আৰু ‘নিচুকনি’ এই দুটি কবিতা লিখি মই গোলোকক নিলগৰ পৰা সান্ত্বনা দিবলৈ চেষ্টা কৰিছিলোঁ। সেই কালৰ মনৰ অৱস্থা আঁকি তেওঁ 'কমল-ভকত' নামে এখন উপন্যাস লিখিছিল। এই বিষয়ে তেওঁ ১৯০৯ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখৰ চিঠিত লিখিছিল,— “কমল আগেয়ে কেনেকুৱা আছিল আৰু সংসাৰৰ প্ৰতি তেওঁৰ কিয় বীতৰাগ জন্মিল, এইবিলাক দেখুৱাবৰ নিমিত্তে ম‍ই যত্ন কৰিছোঁ। গোটেইটো কথা বুৰঞ্জীৰ ওপৰত ভেটি কৰিছোঁ। কমলৰ লৰাকালৰ দুজন অতি মৰমৰ বন্ধু আছিল, এজনৰ নাম বদনচন্দ্ৰ আৰু ইজনৰ নাম মণিৰাম।” এই বদনচন্দ্ৰই বুৰঞ্জীৰ বিখ্যাত মান-অনা বদনচন্দ্ৰ বৰফুকন।

 ১৯০৯ চনত আমি দুয়ো এণ্ট্ৰেচ পৰীক্ষাত (বৰ্তমান মেট্ৰিকুলেচন) উত্তীৰ্ণ হওঁ। গোলোকে এটা বৃত্তি পাই কলিকতাৰ স্কটিচ চাৰ্চ্চ কলেজত পঢ়ি তাৰ পৰা ১৯১১ চনত আই-এ পৰীক্ষা দিয়ে, আৰু পৰীক্ষাৰ অন্তত দেউতাকে তেতিয়া কাম কৰা ঠাই নগাঁৱলৈ আহে। ময়ো পৰীক্ষা দি তেতিয়া নিজা ঘৰ নগাঁৱত আছিলোঁ। সেই সংক্ষিপ্ত কালছোৱাত আমি দেশসেৱাৰ বিবিধ কল্পনা