সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
পৰিশিষ্ট


 এতিয়া বিদায় লোৱাত বাজে মোৰ আৰু কবলগীয়া একো নাই। ম‍ই জানো যে এই মুহূৰ্ত্তত মোৰ মনত যিবিলাক ভাব বিকশিত হৈ উঠিছে সেইবিলাক মই অতি ক্ষীণভাৱেহে প্ৰকাশ কৰিব পাৰিছোঁ৷ কিন্তু মই ক'ব পৰা কোনো কথাই মোৰ সকলোখিনি ভাব সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পৰা নাই। ম‍ই তোমালোকৰ, গাইপতি আৰু সমজুৱাকৈ, মঙ্গল কামনা কৰিছোঁ। আজি তোমালোকক এৰি যাবলৈ ওলাওঁতে মোৰ অনুভৱ হৈছে যে আজি মই মোৰ জীৱনৰ যিটো সৰ্ব্বোৎকৃষ্ট কাৰ্য্য তাকে এৰি যাবলৈ ওলাইছোঁ। মোৰ বিশ্বাস, তোমালোকৰ কোনোকোনোক মই অন্যান্য কৰ্মক্ষেত্ৰত সঙ্গীস্বৰূপে পাম, আৰু এই কলেজতে মাজে-মাজে আমি সকলোৱে দেখা-শুনা কৰিম। ঈশ্বৰে এই কলেজৰ আৰু তোমালোক সকলোৰে মঙ্গল কৰক।”— ইংৰাজীৰ পৰা ভাঙনি, অনুবাদক শ্ৰীকৃষ্ণকান্ত সন্দিকৈ।