সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
গোখলেৰ একগ্রতা আৰু পবিত্র জীৱন

ভ্ৰাতৃবৃন্দক লগত লৈ সস্ত্ৰীক নানান অপমান কষ্ট সহিও দক্ষিণ আফ্ৰিকাত থাকে। মহত্মা গান্ধী উজ্জ্বল প্ৰতিভাশালী বাগ্মী বেবিষ্টাৰ, তথাপি চলন-ফুৰণত তেওঁ কেনে সৰল! ৰেল-জাহাজত তেওঁ কেতিয়াও প্ৰথম বা দ্বিতীয় শ্ৰেণীত নেযায়। দৰিদ্ৰ দেশবাসীৰ সুখ-দুখৰ ভাগী হৈ তৃতীয় শ্ৰেণীত যাবলৈ তেওঁ ভাল পায়।

 পুৰুষোত্তম পৰাঞ্জপ্যে— পুনা নগৰীত গোখলেৰ শিষ্য এজন স্বাৰ্থত্যাগী মহাপুৰুষ আছে, তেওঁৰ নাম ৰঘুনাথ পুৰুষোত্তম পৰাঞ্জপ্যে। এওঁ কেম্ব্ৰিজিৰ সবাতকৈ টান গণিতশাস্ত্ৰৰ পৰীক্ষাত সৰ্ব্বোচ্চ স্থান অধিকাৰ কৰিছিল। ডিপ্লোমা দিয়া উৎসৱৰ দিনা কেম্ব্ৰিজৰ অধ্যাপকসকলে কৈছিল, – “ পৰাঞ্জল্যেৰ প্ৰতিভাৰ সুচল ক্ষেত্ৰ ভাৰতবৰ্ষত নাই।” তেওঁ ইচ্ছা কৰা হলে হেজাৰ টকীয়া চাকৰিয়াল হব পাৰিলেহেঁতেন, কিন্তু গোখলেৰ চৰণত দেশসেৱাৰ মহামন্ত্ৰত দীক্ষিত হৈ তেওঁ মাথোন পঁয়সত্তৰ টকা দৰ্ম্মহাতে ফাৰ্গুচন কলেজৰ অধ্যক্ষৰ কামত জীৱন কটাইছে।

 গোখলেৰ একগ্ৰতা আৰু পবিত্ৰ জীৱন—ভাৰতবৰ্ষত বীৰপূজাৰ এতিয়াও অস্তমিত হোৱা নাই। প্ৰকৃত গুণী ওলালে স্বাৰ্থহীন জীৱনৰ আবিৰ্ভাব হলে তেওঁৰ ওপৰত আদৰ-ভক্তিৰ পুষ্প বৰষিবলৈ ভাৰতবাসীয়ে কোঁচ নেখায়। সেইদেখি গোখলে, গান্ধী, পৰাঞ্জপ্যেৰ নিচিনা পুৰুষৰ সকলো ঠাইতে সমাদৰ। ইয়াতে এটা প্ৰশ্ন উঠিব পাৰে, এনে বিধৰ নায়ক সচৰাচৰ