সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
গোপালকৃষ্ণ গোখলে

আৰু প্ৰজাৰ মাজত বিবাদ আৰু অসন্তোষৰ ব্যৱধান সৃষ্টি কৰা বিধৰ দেশনায়ক নহয়, তেতিয়াৰে পবা গোখলে গৱৰ্ণমেণ্টৰ পৰা সন্মান পাবলৈ ধৰিলে। তাৰ ওপৰত আছে গোখলেৰ অতুলন স্বাৰ্থত্যাগ আৰু স্বাধীন চিত্ততা। পাশ্চাত্য জাতি বীৰৰ উপাসক, সেই গুণেহে বন্দী পুৰু ৰজাৰ স্বাধীন হৃদয়ৰ পৰিচয় পাই মহাবীৰ আলেকজেণ্ডাৰে ৰজাৰ হাতৰ বান্ধোন মোকোলাই দিছিল। গোখলেৰ ডিঙ্গিতো বৰমাল্য পিন্ধাবলৈ ইংৰাজ জাতিয়ে কোচ খোৱা নাছিল। ৰাষ্ট্ৰনীতি বিশাৰদ লৰ্ড মলিয়ে গোখলেক উদ্দেশ্য কৰি মুক্তকণ্ঠে স্বীকাৰ কৰিছিল, “ভাৰতৰ জাতীয় কৰ্মক্ষেত্ৰত এজন মানুহ আছে, যাক যুক্তিৰে বুজাব পাৰি, যি দহ কথাৰ ভু পায়, যাৰে সৈতে খোজেৰে খোজ মিলাই সাত পদ একেলগে যাব পাৰি।”

 গোখলেৰ বক্তৃতা শুনি সকলো মোহ গৈছিল। এনে প্ৰাঞ্জল অনাড়ম্বৰ বক্তৃতা বিদেশী ভাষাত দিয়া কম গৌৰৱৰ কথা নহয়। তেওঁৰ বক্তৃতাত কথাচহকী নেতাৰ দৰে বাক্-চাতুৰ্য্য বা শব্দৰ ঝঙ্কাৰ নাছিল, তাত আছিল সাৰুৱা আলোচনা অতীত আৰু বৰ্ত্তমানৰ দেশ-বিদেশৰ বিশদ তুলনামূলক গভীৰ গবেষণা। আৰু এটি আচৰিত বিষয় এই যে তেওঁ ইমানদিন ইমান ঠাইত ইমান বক্তৃতা দিলে, কিন্তু কোনেও কেতিয়াও তেওঁৰ বক্তৃতাৰ পৰা অসন্তোষ পোৱা নাছিল। তেওঁ ইমান নম্ৰ তেজস্বী সংযত ভাবে প্ৰতিবাদ কৰিছিল যে তাত বেয়া পাবৰ কাৰো বিশেষ কাৰণ থাকিব নোৱাৰিছিল। তেওঁৰ