এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সামৰণি
প্ৰথম মহাসমৰ– ওপৰৰ প্ৰৱন্ধৰ মূল অংশটি লিখা আজি এবছৰৰ অধিক হ'ল। এই বছৰেকৰ ভিতৰত জগতৰ গতি নানান প্ৰকাৰে লৰিছে, জাৰ্মানীৰ কূট ৰাষ্ট্ৰনৈতিক বিছমাৰ্ক, নিট্ছি, ত্ৰিট্ছকে আৰু বাৰ্ণহাৰ্ডিয়ে যি বীজমন্ত্ৰ ৰোপন কৰি থৈছে, আজি সি সুবৃহৎ বিষবৃক্ষৰূপে পৰিণত হৈ গোটেই ইউৰোপত বিপ্লৱ আৰু অশান্তিৰ ছাঁয়া বিস্তাৰ কৰিছে। জাৰ্মানীৰ সংহাৰিকা শক্তিয়ে দয়ামায়া আৰু পবিত্ৰ প্ৰতিজ্ঞা পালন প্ৰভৃতি মানৱৰ সকলো ধৰ্ম্মকে লাহে-লাহে পুৰি ছাই-ভস্ম কৰিবলৈ ধৰিছে। যি জাৰ্মানী আগেয়ে বেদ-বেদাঙ্গ, দাৰ্শনিক আৰু পাৰমাৰ্থিক তত্ত্ব লৈ ব্যস্ত আছিল, আজি সেই