সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
গোপালকৃষ্ণ গোখলে

ভাৰতৰ নিচিনা সঙ্কীৰ্ণ সীমাৱদ্ধ কৰ্ম্মক্ষেত্ৰত তেওঁৰ সৰ্ব্বতোমুখ। প্ৰতিভাৰ সকলো অঙ্গৰ যথোচিত বিকাশৰ সুযোগ নিমিলিল।

 চাৰ ভেলেণ্টাইন কিৰলৰ মতে মিঃ গোখলে ইংৰাজৰ আমোলৰ সৰ্ব্বশ্ৰেষ্ঠ ভাৰত সন্তান। তেওঁক হেৰুৱাই ভাৰতৰ জাতীয় জীৱন আজি গুৰিয়াল নোহোৱা নাৱৰ দৰে টুলুংভুলুং কৰিব লাগিছে। ইউৰোপত মহাৰণ চলিছে, তাত ভাৰতৰ ৰজা আৰু প্ৰজাই অকাতৰে প্ৰাণ উচৰ্গা কৰি, অজস্ৰ অৰ্থৰ সদায় দি ৰাজভক্তিৰ অতুলনীয় দৃষ্টান্ত দেখুৱাইছে। যুদ্ধৰ সামৰণিত প্ৰতিদান স্বৰূপে গৱৰ্ণমেণ্টৰ পৰা ভাৰতবাসীয়ে বহুত নতুন সুবিধা স্বত্ব পাবলৈ আশা কৰিছে। সেইবোৰ থিৰ কৰোঁতে মিঃ গোখলেৰ দূৰদৰ্শী ৰাজনীতিজ্ঞানৰ আৱশ্যক সকলোৱে অনুভৱ কৰিব।

 গোখলে কৰ্ম্মযোগী আছিল। এই কলিযুগতো যদি ভাৰতৰ কৰ্ম্মযোগৰ কোনোবা সাধক আছিল তেন্তে তেওঁ গোখলে। গীতাৰ কৰ্ম্মফল ত্যাগ গোখলেৰ চৰিত্ৰত সফল হৈছিল। পৰৰ হকে জৰাদুখ পূৰ্ণ ভাটী বয়সত দিনে-ৰাতিয়ে খাটোঁতা সংসাৰত কেইজন? কিন্তু গোখলে আছিল পবিত্ৰ ব্ৰাহ্মণ কুলৰ আভৰণ। মহানিৰ্ব্বাণ তন্ত্ৰৰ বিশ্বহিত, গীতাৰ ত্যাগ গোখলেৰ কঠোৰ পৰিশ্ৰমত পৰিণত হোৱাটো একো আচৰিত নহয়।

 মহাত্মা স্বামী বিবেকানন্দই বুদ্ধদেৱক কৰ্ম্মযোগী বুলিছিল এই কাৰণে, যে বুদ্ধদেৱে 'ঈশ্বৰ আছে নে নাই, আমাৰ প্ৰকৃতি কি' এই বিলাক অনুত্তৰণীয় প্ৰশ্নলৈ আওকাণ কৰি জগতৰ