তেওঁৰ মৃত্যুক আমি অকাল মৃত্যু বুলিব নোৱাৰোঁ। কবিয়ে কৈছে, – “কামৰ পৰিমাণেহে আমাৰ জীৱনৰ দীৰ্ঘতা বিচাৰ কৰিব লাগে, অকল বছৰ পৰিমাণে নহয়।”
কৰ্ম্মযোগী গোখলে— মহাত্মা গোখলেই এনে সংক্ষেপ জীৱনতো দেশৰ হিতৰ নিমিত্তে যিমান কৰিলে, আগেয়ে কোনেও তিমান কৰি যাব পৰা নাই। ওঠৰ বছৰ বয়সত মেধাবী গ্ৰেজুৱেট, ঊনৈছ-কুৰি বছৰত কলেজৰ অধ্যাপক, একৈচ বছৰ বয়সত পুনাৰ সাৰ্ব্বজানিক সভাৰ মুখপত্ৰ ইংৰাজী বাতৰি কাকতৰ সুযোগ্য সম্পাদক, পঁচিছ বছৰ বয়সত প্ৰাদেশিক কংগ্ৰেছৰ চেক্ৰেটাৰী, ঊনত্ৰিশ বছৰত ভাৰতীয় কংগ্ৰেছৰ যুটীয়৷ সম্পাদক, একত্ৰিশ বছৰ বয়সত বিলাতত ৰয়েল কমিচনৰ আগত সাক্ষী দিওঁতা, চৌত্ৰিশ বছৰত প্ৰাদেশিক ব্যৱস্থাপক সভাৰ সভ্য, ছয়ত্ৰিশ বছৰত ভাৰতীয় ব্যৱস্থাপক সভাৰ মুখীয়াল সদস্য, ঊনচল্লিচত কংগ্ৰেছৰ সভাপতি, আৰু এই বয়সতে ভাৰত-সেৱক মণ্ডলীৰ নিচিনা কৰ্ম্মী সঙ্ঘৰ প্ৰতিষ্ঠাতা, — এনে কৰ্ম্মবীৰ জগতত কেইজন? গোখলেৰ নিচিনা প্ৰতিভাশালী পুৰুষৰ যি দেশত জন্ম সেই দেশৰে মুখ উজ্জ্বল হলহেঁতেন। ইংলণ্ডত জন্ম হোৱা হলে এসময়ত তেওঁ ৰাজমন্ত্ৰী হব পাৰিলেহেঁতেন, ফ্ৰাঞ্চত ৰিপাবলিকৰ অধিপতি, আমেৰিকাত যুক্তৰাজ্যৰ সভাপতি, আৰু জাৰ্ম্মানিত জন্ম হোৱা হলে তেওঁ ইম্পীৰিয়েল চেঞ্চেলৰ হব পাৰিলেহেঁতেন।