সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
দক্ষিণ আফ্ৰিকালৈ যাত্ৰা

মেলিবলৈ ধৰিলে। কলিকতাৰ কলেজ স্কোয়াৰত দিয়া, আমি নিজে শুনা তেওঁৰ এটি কৰুণ বক্তৃতাৰ কথা আমাৰ এতিয়াও মনত পৰে। ভাৰতৰ ব্যৱসায়ীসকলে তাত কিদৰে অসুবিধা ভোগ কৰিছে, আমাৰ তিৰুতাই তিনি পাউণ্ড বা পাঁচল্লিছ, টকীয়া টেক্স দিব লগীয়া হোৱাত তাত কিদৰে হাঁহিয়াতৰ জীৱন ধৰিবলৈ বাধ্য হৈছে, মিঃ গান্ধী আৰু তেওঁৰ সহধৰ্ম্মিণী প্ৰমুখ্যে সম্ভ্ৰান্ত বংশৰ নায়কসকলে কিদৰে ফাটেকত দুখ-কষ্ট সহিব লাগিছে, ইত্যাদি কৰুণ চিত্ৰ আঁকি মিঃ গোখলেই শ্ৰোতাসকলৰ প্ৰাণ কন্দুৱাইছিল। ভাৰতবাসীৰ বিননি আৰু গোখলেৰ আন্দোলনৰ ফলস্বৰূপে দক্ষিণ আফ্ৰিকাৰ গৱৰ্ণমেণ্টে ইয়াৰ প্ৰতিকাৰ বিধানৰ নিমিত্তে এখনি সমিতি সংগঠিত কৰে। এই কমিচনৰ শুভফল স্বৰূপে তাৰ আইনৰ কঠোৰতাৰ অনেক পৰিমাণে লাঘৱ হয়। ভাৰতৰ প্ৰজাৰঞ্জক গৱৰ্ণৰ-জেনেৰেল লৰ্ড হাৰ্ডিঞ্জে কাউঞ্চিলত গোখলেৰ মৃত্যুত শোক প্ৰকাশ কৰি কয়,— “স্বৰ্গীয় মিঃ গোখলে দক্ষিণ আফ্ৰিকালৈ গৈ ৰাজনৈতিকৰ দৰে এই বিষয়টি হাতত লোৱাৰ কাৰণেই ঘাইকৈ এই কণ্টকময় আন্দোলনৰ এনে সুমীমাংসা হয়।”

 গোখলেৰ গভীৰ গৱেষণা, অন্তদৰ্শিতা আৰু অসামান্য ৰাজনীতি জ্ঞানৰ পৰিচয় পাই ৰজাঘৰ মুগ্ধ হৈছিল। ভাৰতৰ ভূতপূৰ্ব্ব অৰ্থসচিব চাৰ ফ্লিট উদ্, উইলচনে কামৰ পৰা অৱসৰ লোৱাত তেওঁক যি বিদায়-অভ্যৰ্থনা দিয়া হয়, তাত তেওঁ কৈছিল, ”মই ইমান সন্মানৰ উপযুক্ত নহওঁ, আমাৰ মাজত