বাধ্যতামূলক প্ৰাথমিক শিক্ষা আন্দোলন—ভাৰতবৰ্ষত প্ৰাথমিক
শিক্ষা প্ৰচাৰৰ সুব্যৱস্থা কৰিবৰ নিমিত্তে মিঃ গোখলেই আজীৱন
পুৰুষাৰ্থ কৰিছিল। জগতৰ আন আন সভ্য দেশত এই শিক্ষা
প্ৰায় বিনা মাছুলে দিয়া হয়, আৰু পঢ়াশালীলৈ যাবলগীয়া বয়সৰ
কোনোবা লৰা-ছোৱালীয়ে শিক্ষা নেপালে সিহঁতৰ অভিভাৱকক
ৰজাঘৰৰপৰা দণ্ড বিহোৱা হয়। এই শুভ প্ৰথাৰ প্ৰচাৰৰ নিমিত্তে
মিঃ গোখলেই ১৯১২ চনৰ মাৰ্চ মাহত ইম্পীৰিয়েল কাউঞ্চিলত
বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ বিল এখন উত্থাপন কৰে। ইয়াৰ
আগেয়ে এই ব্যৱস্থাৰ পৰা ভাৰতৰ কিমান উপকাৰ হব তাৰ
বিষয়ে সুদীৰ্ঘ যুক্তিপূৰ্ণ বক্তৃতা দি ফুৰে। প্ৰায় সকলো ঠাইতে
এই বিলে প্ৰজাঘৰীয়া সমৰ্থন পায়, কিন্তু কাউঞ্চিলত বিল পাচ
নহল, যদিও ইয়াৰ বিৰুদ্ধে কৰা আপত্তিবোৰ, তৰ্ক আৰু গভীৰ
তুলনামূলক সমালোচনাৰে মিঃ গোখলে খণ্ড খণ্ড কৰি উৰাই
দিয়ে। কাউঞ্চিলত গোখলেৰ বিল পাচ নহল সঁচা, কিন্তু পৰিশেষত
জয় হল তেওঁৰে। সম্প্ৰতি ভাৰতৰ কোনো কোনো অঞ্চলত
বিনা মাছুলে প্ৰাথমিক শিক্ষাৰ যি প্ৰচাৰ হৈছে ই মিঃ গোখলেৰ
মহা উদ্যমৰ ফল বুলিয়েই কব লাগিব। আমাৰ বিশ্বাস ভাৰতৰ
সৌভাগ্যত এনে এসময় আহিব যেতিয়া মিঃ গোখলেৰ আন্দোলনৰ
শুভফল আখৰে আখৰে ফলিয়াব।
অসমত ব্যৱস্থাপক সভা— ১৯১১ খৃষ্টাব্দৰ ডিচেম্বৰ মাহৰ ১২ তাৰিখে দিল্লীৰ দৰবাৰত সম্ৰাট পঞ্চম জৰ্জৰ ঘোষণামতে