সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
গোপালকুষ্ণ গোখলে

কৰিবলৈ পিচ নুহুহঁকিছিল। তেওঁৰ বিৰোধী প্ৰতিদ্বন্দ্বীসকলো তেওঁৰ অপাৰ গুণৰাশিৰ প্ৰশংসা কৰিবলৈ বাধ্য হৈছিল। কবিয়ে যথাৰ্থতে কৈছে—“সমুন্নয়ন ভূতিমনাৰ্য্যসঙ্গমাৎ বৰং বিৰোধোঽপি সনং মহাত্মভিঃ”, অৰ্থাৎ, মহাত্মাসকলৰ লগত বিৰোধৰ পৰাও লাভ আছে, সেইদেখি সি দুৰ্জ্জনৰ সৈতে মিত্ৰতাতকৈ বহুগুণে ভাল।”

 কংগ্ৰেছৰ যুটীয়া সম্পাদক—এই চনতে গোখলে কংগ্ৰেছৰ যুটীয়া সম্পাদকৰূপে মাদ্ৰাজলৈ যায়, সেই নগৰীত তেওঁক যি অভ্যৰ্থনা দিয়া হয় ভাৰতবাসীৰ পক্ষে সি নিতান্ত দুৰ্লভ। তেওঁৰ স্বাৰ্থত্যাগ আৰু স্বদেশৰ মঙ্গলাৰ্থে প্ৰাণ উৎসৰ্গা কৰাৰ কথা শুনি সকলো বিমোহিত হৈছিল। তেনেজন মহাপুৰুষক সন্মুখত পাই গোটেই মাদ্ৰাজবাসী আনন্দত উত্ৰাৱল হৈ উঠিল। সভা-সমিতি পাতি তেওঁক কেবাঠাইতো অভিনন্দন পত্ৰ দিয়া হয়।

 ১৯০৫ খৃষ্টাব্দ মিঃ গোখলেৰ জীৱনৰ এটি লাগতিয়াল বছৰ। এই বছৰত তেওঁৰ কান্ধত কেইবাটিও গুৰুভাব সমৰ্পিত হয়। কংগ্ৰেছৰ যুটীয়া সম্পাদকৰ দায়িত্বৰ উপৰিও “ইণ্ডিয়া” নামে এখন দেশহিতৈষী কাগজ চলোৱাৰ ভাৰ তেওঁৰ ওপৰত পৰে। ভাৰতীয় প্ৰজাক সৰ্ব্বপ্ৰকাৰ চাকৰিত মুক্তভাৱে আসন দিয়া হৈছে বুলি লৰ্ড কৰ্জ্জনে বাজেট, বক্তৃতাত প্ৰমাণ কৰিবলৈ যত্ন কৰে। নানা তৰহৰ ৰিপোৰ্ট আদি ঘাঁটি এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ সাজু হওঁতে মিঃ গোখলেৰ অসীম পৰিশ্ৰম হয়। তাৰ পাচত ৰাণাড়েৰ স্মৃতিস্বৰূপে “ৰাণাড়ে