সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
বোম্বেত হোৱা প্লেগৰ বর্ণনা

ক্ষমা খুজিবলৈ বাধ্য হ'ল। এই ঘটনাব পৰা মিঃ গোখলেই এটি শিক্ষা পালে যে ভালকৈ প্ৰমাণ নোপোৱাকৈ কোনো কথাই এইদৰে প্ৰকাশ কৰিব নেলাগে |

 কিন্তু এই ঘটনাৰ এইখিনিতে ওৰ নপৰিল। যেতিয়া গোখলে বিলাতৰ পৰা উভতি আহি বোম্বে বন্দৰত জাহাজৰ পৰা নামে পুলিচ কমিছনাৰে গৈ তেওঁক তাতে আতক কৰিলে, আৰু ক'লে—"তুমি বিলাতত বোম্বে গবৰ্ণমেণ্টৰ বিৰুদ্ধে যিবোৰ কথা কৈছিল তাৰ ভাল প্ৰমাণ দিয়া, নহলে ক্ষমা খোজ৷।” গোখলেই এই সময়ত সেই অতিৰঞ্জিত চিঠি লিখোঁতা বন্ধুজনব নাম কৈ নিজে সাৰিব পাৰিলেহেঁতেন, কিন্তু তেনে কাম মহামতি গোখলেৰ মহাহৃদয়ৰ সম্পূৰ্ণ বিৰোধী। তেওঁ সকলো দোষ নিজে গা পাতি ললে, আৰু প্ৰকৃত বীৰৰ দবে গৱৰ্ণমেণ্টৰ ওচৰত ক্ষমা বিচাৰিলে।

 এইবিষয় লৈ কাগজে-পত্ৰে গোখলেৰ বিৰূদ্ধে ভীষণভাৱে লেখা-লেখি হ’বলৈ ধৰিলে। গোখলেৰ কিন্তু আজীবন দৃঢ় বিশ্বাস আছিল যে এইদৰে প্ৰমাণ নোহোৱাকৈ গৱৰ্ণমেন্টৰ ক্ষতি কৰি তাৰ বাবে ক্ষমা খোজাত একো অন্যায় হোৱা নাই। তেওঁ এজন বন্ধুক সেই সময়ত কৈছিল,-“এইদবে ক্ষমা বিচাৰি যদি দেশৰ মই কিবা ক্ষতি কৰিছো কালত মই তাক পূৰণ কৰিম |” গোখলেৰ এই প্ৰতিজ্ঞা কিমানদুৰ সম্ফল হৈছিল তেওঁৰ পৰৱৰ্তী জীৱনত ইয়াৰ ফট্‌ফটীয়া প্ৰমাণ পোৱা যায়।

 এই ঘটনাৰ পাচত গোখলে বহুতৰ অপ্ৰিয়ভাজন হৈ উঠে। ১৮৯৮ খৃষ্টাব্দত অমৰাবতীৰ কংগ্ৰেছত তেওঁ বক্তৃতা দিবলৈ থিয়