দেখা দিয়ে! ভাৰতত প্লেগ এয়ে প্ৰথম, সেইদেখি ৰজা আৰু প্ৰজাৰ প্ৰাণত ধাতু নোহোৱা হৈছিল। গৱৰ্ণমেণ্টে" এই মহামাৰী নিবাৰিবৰ নিমিত্তে এটি উৎকট উপায় অৱলম্বন কৰিছিল, গোৰা চিপাহীৰ হতুৱাই বলেৰে ৰোগীক চিকিৎসালয়লৈ নিব লগাত পৰিছিল। এই কথাকে ঢৌটোকে ৰৌটো কৰি বোম্বেৰ এজন ভদ্ৰলোকে গোখলেলৈ এই মৰ্ম্মে এখনি চিঠি লিখে,--যে গোৰা চিপাহীয়ে প্ৰজাৰ ওপবত ভয়ানক অত্যাচাৰ কৰিছে, সিহঁতে মানুহৰ ঘৰৰ ভিতৰত সোমাই নানা ৰকম জুলুম-জবৰ্দস্তি কৰিবলৈ ধৰিছে। এই চিঠি পাই গোখলে বৰ উত্তেজিত হল। অকল এই চিঠিৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন্দোলন চলালে আগলৈ বিপদ হ’ব পাৰে, এই কথাষাৰ মিঃ ওৱাচাই ভালকৈ বুজিছিল, কিন্তু মিঃ গোখলে এই চিঠি পাই ইমান বিব্ৰত হৈ পৰে যে ওৱাচাৰ স্থিৰ উপদেশ তেওঁ গ্ৰাহ্য নকৰিলে। তেওঁ পেটে-সমন্বিতে বিশ্বাস কৰিছিল যে সেই চিঠিৰ এটি বৰ্ণও মিছা নহয়। গোখলেই এই চিঠিখন ভাৰত-হিতৈষী চাৰ উইলিয়ম ওৱেডাৰবাৰ্ণ চাহাবক দেখুৱায়, ওৰেডাববাৰ্ণে এই চিঠিৰ কথা পাৰ্লিয়ামেণ্টত উথাপন কৰিলে, আৰু গোটেই বিলাতময় সেই বিষয়ে আন্দোলন পৰি গ’ল। বিলাতৰ পৰা বোম্বে গৱৰ্ণমেণ্টলৈ কৈফিয়ত বিচাৰোঁতে বোম্বে গৱৰ্ণমেণ্টে ক'লে যে সকলো কথা মিছা আৰু অতিৰঞ্জিত। তেতিয়া চাৰ ওৱেডাৰবাৰ্ণ আৰু গোখলে বৰ বিমোৰত পৰিল। বুঢ়া ওৱাচাৰ হাকবচন তেতিয়া হাতে-হাতে ফলিয়ালে। চাৰ ওৱেডাৰবাৰ্ণ চাহাব পাৰ্লিয়ামেণ্টৰ
পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্লে.pdf/২৮
অৱয়ব