সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কংগ্ৰেছত প্ৰথমবাৰ বক্তৃতা

সময়লৈকে তেওঁ তাৰ এজন সৰ্ব্বপ্ৰধান নায়ক হৈ আছিল। পাচত এনে হ’ল, গোখলে নহলে কংগ্ৰেছৰ সৰ্ব্বাঙ্গ পূৰ নোহোৱা যেন লাগিছিল। ১৮৯৫ চনত পুনাত যিবাৰ কংগ্ৰেছ বহে মিঃ গোখলে তাৰ এজন সম্পাদক নিযুক্ত হয়।

 ওয়েলবী কমিছনৰ আগত সাক্ষী—১৮৯৭ খৃষ্টাব্দত, ভাৰতৰ আয়-ব্যয়ৰ আলোচনা কৰিবৰ নিমিত্তে ইংলণ্ডত এখন ৰাজকীয় সমিতি বহে, ই সাধাৰণতে ওয়েলবী কমিছন বুলি জনাজাত | তাত সাক্ষী দিবলৈ পাৰ্চী সম্প্ৰদায়ৰ উজ্জল ৰত্ন মিঃ দিন্‌ছ এডুল্‌জি ওৱাচাৰ লগত মিঃ গোখলেই বিলাতলৈ যাত্ৰ৷ কৰে। এয়ে তেওঁৰ জীৱনব প্রথম সমস্যা। জাহাজত যাওঁতে এই ভাবী গুৰুভাৰৰ কথা চিন্তি তেওঁৰ হৃদয় কিৰূপে চঞ্চল হৈছিল তাক সহজে অনুমান কৰিব পাৰি। কিন্তু তেওঁ মহামতি ৰাণাড়েৰ কাষত পোৱা শিক্ষাৰ সজ গুটি ধৰিলে। গোখলেই উক্ত সভাৰ আগত সাক্ষী দিওঁতে ভাৰতীয় অর্থনীতিৰ গভীৰ জ্ঞানৰ যি পৰিচয় দিয়ে তাক দেখি সভাৰ সদস্যসকলে আচৰিত মানিছিল। তেতিয়াৰে পৰা মিঃ গোখলেক ভাৰতীয় অর্থনীতিৰ এজন সুবিজ্ঞ পণ্ডিত বুলি সকলোৱে মানিবলৈ ধৰিলে।

 বোম্বেত হোৱ| প্লেগৰ বৰ্ণনা--এই প্রথমবাj বিলাত প্রবাসত গোখলেৰ জীৱনত এটি ভীষণ সমস্ত উপস্থিত হয়। তেওঁ তাত থাকোঁতে বোম্বে নগৰীৰ কেবা ঠাইতো প্লেগ মহামাৰীয়ে