সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গোপালকৃষ্ণ গোখলে

১৮৮৭ খৃষ্টাব্দত, গোখলে এই সভাৰ পৰা ওলোৱা ইংৰাজী বাতৰি কাকতৰ সম্পাদকৰ ভাৰ লয়, আৰু উক্ত সভাৰ চেক্ৰে টাৰী হয়। কেবছৰমান অস্তিত্বৰ পাচত ভিতৰুৱা কন্দলৰ বাবে সাৰ্ব্বজানিক সভা লোপ পোৱাত দাক্ষিণাত্য সভা নামে এটি অনুষ্ঠান সংগঠিত হয়, মিষ্টাৰ গোখলে এই নতুন সভাৰ কাৰ্য্যকৰ্ত্তা হৈ “সুধাৰক” নামে ইংৰাজী-মহাৰাষ্ট্ৰীয় কাকতৰ সম্পাদনৰ দায়িত্ব গ্ৰহণ কৰে। সেই সময়ত গোখলেক সদৌ মহাৰাষ্ট্ৰীয় ৰাইজে দাক্ষিণাত্যৰ উদীয়মান তৰা বুলি মানি তেওঁৰ ভবিষ্যত জীৱনৰ সুমহৎ কাৰ্যাৱলীৰ ফালে হেঁপাহেৰে বাট চাই আছিল।

 কংগ্ৰেছত প্ৰথমবাৰ বক্তৃতা- ১৮৯০ খৃষ্টাব্দত, মিঃ গোখলে প্ৰথমবাৰ ভাৰতৰ জাতীয় মহাসভা কংগ্ৰেছৰ মণ্ডপত বক্তাৰূপে থিয় হয়। তেওঁৰ তেতিয়া বয়স চব্বিচ বছৰ মাথোন, কিন্তু এই বয়সত দিয়া বক্তৃতাতে তেওঁ যি গভীৰ গবেষণা আৰু উদ্দীপনা শক্তিৰ পৰিচয় দিছিল তেনে শক্তিৰ পৰিচয় বয়সস্থ অনেক বক্তাৰ ভাষণত পোৱা নাযায়। ভাৰতৰ শিক্ষা-দীক্ষা সকলো বিষয়তে শিৰোমণি স্বৰূপ দেশনায়কসকলৰ আগত থিয় হৈ এই কুমলীয়া বয়সত বক্তৃতা দিয়া কিমান সাহৰ কাম, আৰু মিঃ গোখেলে এই কাম কেনে সুকলমে সমাধা কৰিছিল ভাবিলে বিস্মিত হব লাগে। এই বয়সতে সৰুজনা উইলিয়ম্ পিটে্ ইংলণ্ডৰ মহাসভা পাৰ্লিয়ামেণ্টৰ নেতা হৈ প্ৰধান মন্ত্ৰীৰ বাব পাইছিল। মিঃ গোখলে এই যে কংগ্ৰেছত সোমাল মৃত্যুৰ