সমললৈ যাওক

পৃষ্ঠা:মহামতি গোপালকৃষ্ণ গোখ্‌লে.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লৰাকাল আৰু শিক্ষা

মুহূৰ্ত্তক দেশবাসীৰ উন্নতিকল্পে লগাইছিল, যাৰ জীৱনৰ প্ৰতি- পদত অতুলনীয় স্বাৰ্থত্যাগৰ এটি জ্বলন্ত দৃষ্টান্ত পাওঁ, যিজনৰ একচিতীয়া জীৱনত ব্ৰাহ্মণৰ সহিষ্ণুতা, বেদাধ্যায়ী ব্ৰহ্মচাৰীৰ কঠোৰ সংযম, ক্ষত্ৰিয়ৰ নিৰ্ভীকতা, তপস্বীৰ অম্লান সাধনা সন্মিলিত হৈছিল, তেওঁৰ অকাল বিয়োগত গুণগ্ৰাহী সভ্যজগতৰ প্ৰতিকোণত শোকানল জ্বলি উঠা একো আচৰিত নহয়।

 গোখলে গ’ল, কিন্তু তেওঁৰ জীৱনৰ মহৎ আদৰ্শ ভাৰতবাসীৰ স্মৃতিফলিত চিৰকাল অঙ্কিত থাকিব। তেওঁৰ জীৱন এটি দীঘলীয়া স্বাৰ্থত্যাগ, নৈৰাশ্যৰ বিৰুদ্ধে এখনি তুমুল কুৰুক্ষেত্ৰ মহাৰণ। তাত আত্মগৌৰৱ বঢ়াবৰ নিমিত্তে অৰ্থসঞ্চয়ৰ কোনো দূৰন্ত লালসা নাই | প্ৰকৃত মনুষ্যত্বক সংহাৰ কৰি সুখ্যাতি বা প্ৰশংসাৰ নিমিত্তে ক'তে৷ একধনিষ্ঠাানো চেষ্টা বা প্ৰয়াস নাই। তেওঁৰ জীৱনৰ মূলমন্ত্ৰ আছিল স্বদেশৰ কল্যাণ সাধন আক জাতীয় যজ্ঞত আপোনাক পূৰ্ণাহুতি দান।

 লৰাকাল আৰু শিক্ষা -১৮৬৬ খৃষ্টাব্দত বোম্বেৰ অন্তৰ্গত কোহলাপুৰ গাওঁত গোপালকুষ্ণ গোখলেৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃৰ অৱস্থা বৰ স্বচ্ছল নাছিল। কিন্তু বিধাতাই যাক মহৎ কামৰ নিমিত্তে ইচ্ছা কৰে তাক তেওঁ এইদৰে দৈন্য- দাৰিদ্ৰৰ মাজতে জন্ম দিয়ে। যি নিজে দুখত পৰি নানান অভিজ্ঞতা লাভ কৰা নাই, ভবিষ্যতে মানব জাতিৰ দুখ অনুভব কৰি তাক মোচন কৰিবৰ তেওঁৰ প্ৰবৃত্তি বা সামৰ্থ্য ক'ত?