সমললৈ যাওক

পৃষ্ঠা:মহাবীৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিলে। ভাগ্য প্ৰসন্নহৈ একলব্যক দ্ৰোণাচাৰ্য্যৰ অগোচৰত তেওঁ দান দিয়া সকলো খিনি শিক্ষাই আয়ত্ব কৰিব পৰা কৰিছিল।কিন্তু দ্ৰোণচাৰ্য্যই এদিন একলব্যই তেওঁৰ প্ৰতিমূৰ্ত্তিক আগত ৰাখি গ্ৰহণ কৰা শিক্ষাৰ বাবে গুৰুমাননী বিচাৰি আহিল। আচলতে সেই সময়ত তথাকথিত সম্ভ্ৰান্ত শ্ৰেণীটোৱে দলিত শ্ৰেণীটোৰ উত্থান একেবাৰে সহ্য কৰিব নোৱাৰিছিল। তেওঁলোকৰ পদদলিত শ্ৰেণীটোৰ উন্নতি সহ্য কৰিব নোৱাৰিছিল আৰু এইটো মৰ্য্যাদাৰ প্ৰশ্ন বুলি ধৰিছিল। দ্ৰোণচাৰ্য্য হ’ল কুল গুৰু। তেওঁ শিক্ষা দিয়ে ৰাজকুমাৰক। সেই ৰাজকুমাৰতকৈ এজন অন্য সমাজৰ ডেকাই যদি বেছি পটুত হয় তেনেহলে তেওঁৰ নাম ক'ত থাকিব। সেয়ে দক্ষ একলব্যৰ সোঁ হাতৰ বুঢ়া আঙুলিটো গুৰু দক্ষিণা হিচাবে গ্ৰহণ কৰিলে। একলব্যইও এজন সাৰ্থক শিষ্যৰ আচৰণৰে গুৰু দক্ষিণা সাধিলে। এইবোৰ কথাৰ বাবে কৰ্ণই পেটে পেটে অৱশ্যে দ্ৰোণচাৰ্য্যৰ প্ৰতি ভাল ভাৱ নাছিল। গতিকে যি কোনো প্ৰকাৰে দ্ৰোণাচাৰ্য্যৰ গুৰু পৰশুৰামৰ ওচৰত শিক্ষা লবলৈ ঠিৰাং কৰিলে। এবাৰ সাপে খালে লেজুলৈকে ভয়। এবাৰ এজনৰ ওচৰত নিজৰ পিতৃ পৰিচয় দি ঘাটি খাইছে যেতিয়া পৰশুৰামৰ ওচৰত সেই একেটা ভুলকে নকৰে। দেখা শুনাত তেজশ্ৰী কৰ্ণক দেখি পৰশুৰামে ব্ৰাহ্মণ সন্তান বুলিয়ে বিশ্বাস কৰিলে। কৰ্ণই ভাৱিছিল নিজ কুলৰ বাহিৰে

৪/মহাবীৰ