সমললৈ যাওক

পৃষ্ঠা:মহাবীৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইজনে চিন্তা কৰে। কোন ডাঙৰ কোন সৰু এইবোৰ কথাৰ জানো মূল্য আছে। নিজৰ কৰ্ত্তব্যৰ গুণৰ বলত মানুহ সৰু ডাঙৰ হব পাৰে। গুণৰ বাবে এজন মানুহ সমাজৰ তলখাপত জন্মিলেও মহান হব পাৰে। লগৰ লগৰীয়াই যেই কোনো বেয়া পোৱা কথা পৰস্পৰ বিপক্ষে কোৱাটো যুগুত নহয়। কৰ্ণই লগৰ সমনীয়াই তেওঁৰ বিষয়ে কোৱা কথাবোৰত বৰ আঘাট পায়। তেওঁ যে কোনো ৰাজ পৰিয়ালৰ নহয় বা উচ্চ জাতিৰ নহয় সেই কথাই বাৰে বাৰে তেওঁৰ অন্তৰত খুন্দিয়াবলৈ ধৰিলে। মনতে দৃঢ় সংকল্প কৰিলে এজন বীৰ হবলৈ। কিন্তু এই বীৰ হবলৈতো শিক্ষা লাগিব। শিক্ষা এতিয়া অধিৰথৰ পুত্ৰক কোনে দিব পুত্ৰৰ আকোৰগোজ মনোভাৱ। তেতিয়া অধিৰথে মহাৰাজ ধৃতৰাষ্টলৈ এখন পত্ৰ দি কৰ্ণক হস্তিনাপুৰলৈ পঠিয়ালে। মহাৰাজ ধৃতৰাষ্ট্ৰই কৰ্ণক কুলগুৰু দ্ৰোণচাৰ্য্যৰ ওচৰলৈ পঠালে। দ্ৰোণচাৰ্য্যই কৰ্ণৰ পিতৃ পৰিচয় পাই তেওঁ যে ৰাজপুত্ৰ বা ক্ষত্ৰীয় নহয় কাৰণে যুদ্ধ শিক্ষা দিবলৈ অপৰাগতা প্ৰকাশ কৰিলে। কৰ্ণই মনত বৰ দুখ পালে। কৰ্ণৰ লেখিয়াকৈ আন এজন নাম গোত্ৰহীন বংশত জন্ম লাভ কৰা ডেকাৰ ভাগ্যতো সেয়ে ঘটিছিল। বহুত আশাৰে যুদ্ধ শিক্ষা লবলৈ আহি কুলগুৰু দ্ৰোণচাৰ্য্যৰ ওচৰত বিমূখ হৈছিল। তেওঁৰ নাম আছিল একলব্য। কিন্তু একলব্যই দ্ৰোণকে মনেচিত্তে গুৰু বৰণ কৰি একাগ্ৰতাৰে যুদ্ধ শিক্ষা আহৰণ

মহাবীৰ /৩