সমললৈ যাওক

পৃষ্ঠা:মহাবীৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

খেলুৱৈ। সেই খেল যে আচলতে এক কুটকৌশলহে আছিল সেই কথা কিন্তু সহজ সৰল যুধিষ্ঠিৰে কেতিয়াও ভৱা নাছিল। খেল যেতিয়া খেলেই। ইয়াত হৰা জিকা থাকিবই। কিন্তু কুট কৌশলী শকুনিয়ে যে কৌশল খটাই তেওঁক সৰ্ব্বনাশ কৰিব সেই কথা সপোনতো ভৱা নাছিল। মানে গোটেই মাধ্যমটোকে কুলষ চিন্তাৰে আবৰি ৰাখিছিল। পাশাখেলত যুধিষ্ঠিৰে পণ কৰি কৰি সকলো হেৰুৱালে। এটি এটিকৈ নিজৰ ৰাজ্য সহোদৰ সকলোৱে শেষ হোৱাত শেষবাৰৰ বাবে পণ দিবলৈ একো নথকাই হ'ল। কিন্তু কৌশলগত ভাৱে খেলা খেলুৱৈ দুৰ্যোধনে শকুনিৰ পৰামৰ্শমতে দ্ৰোপদীক পণ দিবলৈ কয়। সেইমতেই যুধিষ্ঠিৰে দ্বোপদীক পণ দিয়ে আৰু লগে লগে যুৱৰাজ দুঃশাসনে চুলিত ধৰি দ্বোপদীক ৰাজসভা পোৱালেহি। এই কথাত সভাত উপস্থিত ভীস্ম, বিদূৰ আদিয়ে বৰ আঘাট পালে। ইয়াতে ক্ষান্ত নেথাকি ৰাজসভাতে দ্বোপদীৰ বস্ত্ৰ হৰণ কৰিবলৈ দুঃশাসনক আদেশ কৰা হয়। কিন্তু পাণ্ডৱৰ শুভাকাঙ্খী শ্ৰীকৃষ্ণই মায়াৰ বলেৰে দ্বোপদীক সেই অপমানৰ পৰা ৰক্ষা কৰিলে। গেলাত টেঙা দিয়াৰ দৰে সেই ৰাজসভাতে কৰ্ণই দ্বৌপদীৰ প্ৰতি বেয়া মন্তব্য দিবলৈ ধৰিলে। এয়া আন একো নহয় সয়ম্বৰত কৰ্ণক অপমান কৰাৰ পোটক তুলিলে। জ্ঞাণীৰ আচৰণ সদায় কাৰ্য্যত প্ৰমাণিত হয়। এই ক্ষেত্ৰত কৰ্ণ এজন মহাজ্ঞানী হৈও দুষ্টৰ সঙ্গত থাকি