সমললৈ যাওক

পৃষ্ঠা:মহাবীৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্ৰোণচাৰ্য্যই ইচ্ছা কৰিয়েই তেওঁৰ শিষ্যৰ মাহাত্ম্য কৰ্ণৰ ওচৰত লঘূ কৰিবলৈ নিবিচাৰিলে। পেটে পেটে এই আক্ষেপ কৰ্ণৰ ৰই গ'ল। ইয়াৰ পাচতে দ্ৰৌপদীৰ সয়ম্বৰত যেতিয়া মহা মহা বীৰ সকলে লক্ষ ভেদ শৰ মাৰিব নোৱাৰি বিফল হৈছিল তেতিয়া মহাবীৰ কৰ্ণই সেই লক্ষ ভেদ বান প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দ্বোপদীক লাভ কৰিবলে আগবাঢ়িল, কিন্তু তেতিয়া দ্বোপদীয়ে কৰ্ণক সুতপুত্ৰ বুলি সেই সয়ম্বৰৰ এজন প্ৰাৰ্থী হিচাপে নাকচ কৰিলে আৰু অৰ্জুনে লক্ষভেদ বান মাৰি দ্ৰৌপদীৰ পাণিপ্ৰাৰ্থী হ'ল। সেই কথাত কৰ্ণই অন্তৰত বৰ আঘাট পালে আৰু অৰ্জুণৰ প্ৰতি থকা বিদ্বেষৰ ভাৱটো আৰু দুগুণে উথলি উঠিল। তেওঁতকৈ অৰ্জুণ কেতিয়াও শ্ৰেষ্ট হব নোৱাৰে সেই কথা কাজে কামে পতিয়ন নিয়াবলৈ দ্বিতীয়বাৰৰ বাবে কৰ্ণ ব্যৰ্থ হ'ল।

 ইফালে প্ৰথম কৌৰৱ দুৰ্যোধনে পিতৃ ধৃতাৰাষ্ট্ৰই বংশৰ জ্যেষ্ঠত্বাৰ ভিত্তিত যুধিষ্ঠিৰক হস্তিনাপুৰৰ সিংহাসনত বহুৱালৈ ওলোৱাত দুৰ্যোধনে দেওদোপাল পাৰিবলে ধৰিলে। মামা শকুনি আহি দুৰ্য্যোধনৰ কাণত ভূত ভৱিষ্যৰ তিতা মিঠা বচন পিন্ধাই থাকিল। এবাৰ যদি কেনেবাকৈ যুধিষ্ঠিৰ হস্তিনাপুৰৰ গাদীত বহিবলৈ পায় তেনেহলে বেচেৰা দুৰ্য্যোধনৰ ৰজা হোৱাৰ ভিকাচন ঘটিব। এনেবোৰ কথাই দুৰ্য্যোধনৰ চকুৰ টোপনি হৰিলে। চলে বলে কৌশলে কেনেকৈ হস্তিনাপুৰৰ সিংহাসন আৰোহণ