অৰ্জুৰ্ণৰ সতে এবাৰ যুঁজিবলৈ বৰ মন কৰিলে। সেই যুঁজত তেওঁ অৰ্জুণক পৰাস্ত কৰি সভাসদক তেওঁৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলে বৰ ইচ্ছা গ'ল। সেই বুলি নিজকে অৰ্জুনৰ প্ৰতিদ্বন্দী বুলি ঘোষণা কৰি অৰ্জুণৰ সতে ধনু যুদ্ধ কৰিবলৈ ওলাল। অজুন শ্ৰেষ্ঠ ধনুৰ্বিদ বুলি পৰিচিত হোৱাটো কৰ্ণৰ বাবে অসহ্যকৰ আছিল। অৰ্জুণৰ প্ৰতি থকা ইৰ্ষাই কৰ্ণক খুলি খুলি খাইছিল। মুঠৰ ওপৰত অৰ্জুণ কেতিয়াও তেওঁতকৈ শ্ৰেষ্ঠ হব নোৱাৰে। অৰ্জুণে শিক্ষা লাভ কৰা গুৰুতকৈও শ্ৰেষ্ট গুৰুৰ ওচৰত তেওঁ শিক্ষা লাভ কৰিছে। কিন্তু ৰাজপুত্ৰৰ লগত ৰাজপুত্ৰইহে যুঁজৰ আখৰা কৰিব পাৰিব। এই কথা গুৰু দ্ৰোণাচাৰ্য্যই যেতিয়া ঘোষণা কৰিলে তেতিয়া কৰ্ণ ভেচভেচিয়া হ'ল। মনৰ অদম্য হেপাহ সিমানতে তল পৰিল। কিন্তু পাণ্ডৱ বিদ্বেষী দুৰ্য্যোধনে লগে লগে শিৰত মুকুট পিন্ধাই অঙ্গৰাজ্যৰ ৰজা পাতি কৰ্ণক ৰাজ সন্মান যাঁচিলে। দুৰ্যোধনৰ এই বদান্যতাৰ বাবে কৰ্ণও চিৰদিন দুৰ্য্যোধনৰ বন্ধু হিচাপে থাকিবলৈ প্ৰতিজ্ঞা বদ্ধ হ'ল। সুতপুত্ৰ বুলি সকলোৱে লেই লেই চেই চেই কৰা কৰ্ণই দুৰ্যোধনৰ বাবেই ৰাজ সন্মানৰ ভোগী হব পাৰিলে। দুৰ্যোধনেও পাণ্ডৱৰ প্ৰতি থকা পুঞ্জীভূত বিদ্ধেষ এইজনা মহা বীৰৰ সহযোগত এদিন কামত লগোৱাৰ মানসেৰে কৰ্ণৰ সতে বন্ধুত্ব স্থাপন কৰিলে। কৰ্ণইও প্ৰথমবাৰলৈ অৰ্জুণৰ ওচৰত হাৰ মনাৰ লেখিয়াই হ'ল— কিয়নো গুৰু
পৃষ্ঠা:মহাবীৰ.pdf/১৪
অৱয়ব