বুজালে। কিন্তু কৰ্ণৰ সেই কথা তিৰুতাৰ আবেগ প্ৰৱণ বুলি গুৰুত্ব নিদিলে। দুৱৰীয়ে খবৰ দিয়াৰ লগে লগে ৰাজ চ'ৰাত থিয় দিয়া এগৰাকী ব্ৰাহ্মণক দেখা কৰিলেগৈ আৰু ব্ৰাহ্মণৰ আগমণৰ কাৰণ জনাবলৈ নিবেদন জনালে। ছদ্মবেশী ব্ৰাহ্মণে কলে ‘কৰ্ণ তুমিতো মহাদানী বুলি সৰ্ব্বজ্ঞাত, গতিকে মই এটি বস্তু বিচাৰি তোমাৰ কাষ চাপিছোঁ দিবানে নিদিয়া কোৱা।’ কৰ্ণই অতি সন্তোসেৰে যি দান মাগে তাকে দিবলৈ কথা দিলে। ব্ৰাহ্মণে হাঁহি হাঁহি কলে মই জানো তুমি তোমাৰ বচন লৰচৰ নকৰা— ‘তেন্তে শুনা মোক তোমাৰ ৰক্ষা কৱচটো দিয়া’। কৰ্ণৰ তেতিয়া পত্নী পদ্মাৰ সকিয়নিলৈ মনত পৰিল। তেওঁ জানে এই কৱচ দিয়া মানে তেওঁৰ মৃত্যু অনিবাৰ্য্য। তথাপি দিবই লাগিব। ব্ৰাহ্মণে কৰ্ণৰ সন্দেহৰ কথা জানি কলে ‘তুমি চিন্তা কৰিব নেলাগে। তোমাৰ শৰীৰৰ পৰা কৱচটো এৰাই অহাৰ মই ব্যৱস্থা কৰিছোঁ। সচাকৈয়ে ব্ৰাহ্মণৰ কথামতে কৰ্ণৰ শৰীৰৰ পৰা অনায়সে কৱচটো এৰাই গ'ল আৰু সেইটো ব্ৰাহ্মণৰ হাতত তুলি দিলে। সেই ছদ্মবেশী ইন্দ্ৰই কৰ্ণক এপাত অস্ত্ৰ দান দি আশীৰবাদ দিলে। এই অস্ত্ৰৰ নাম একাঘ্নী অস্ত্ৰ যাৰ উদ্যেশ্যে এই অস্ত্ৰ প্ৰয়োগ কৰিব সি কেতিয়াও বিফল নহয়। কণই এইপাত অস্ত্ৰকে অৰ্জুনৰ কাৰণে সাঁচি থলে কিন্তু সময়ত সেয়া সঠিক ঠাইত প্ৰয়োগ নহ'ল।
পৃষ্ঠা:মহাবীৰ.pdf/১২
অৱয়ব