পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গৃহ-বাস

১। ইটো গৃহ-বাস বন্দীশাল যেন দেখা।
 পুত্ৰ-দাৰা ধন-ৰত্ন যেন জল-ৰেখা॥
 মহা মোহ-নিহলক ভাঙ্গন নয়ায়।
 কাম-ক্ৰোধে পাই আত নিতে কৰে টাই॥
 নানাবিধ ব্যাধি কণ্ঠা-ছিঙ্গে * অপমান।
 এহিমতে নিকাৰ ভুঞ্জন্তে যায় প্ৰাণ॥
 আতো শত গুণ দুঃখ ঘোৰ যমপুৰ।
 দূতৰ হাতত হুইবে সবে বুদ্ধি চুৰ॥

(ভক্তি প্ৰদীপ, ২৯১—২৯৩)

২। যিটো জ্ঞানী জিতেন্দ্ৰিয় আত্মাত ৰময়।
 গৃহ-বাস দোষে বা তাহাঙ্ক কি কৰয়॥

(ৰত্নকৰ ভাঃ ৫৮২)

৩। কৃষ্ণ কথা শুনা সৰ্ব্বজনে।
 উদ্ধাৰিয়ো কৃষ্ণৰ কীৰ্ত্তনে॥
 মোক্ষ পাইবা গৃহবাসে থাকি।
 জানি হৰি হৰি বোলা ডাকি॥

(কীৰ্ত্তন ১৮৫৪)


  • কঠা-চেঙ্গি= পাঠান্তৰ।