পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। যি কাৰ্য্যে আকুল মন  ইটো ভাৰ্য্যা পুত্ৰ ধন
 নাটেক টাটেক সব মায়া!
 তিলেক সংযোগ হুই  তিলেকতে কিছু নুই
 চঞ্চল মেঘৰ যেন ছায়া। (ষষ্ঠ, ১৪)

১১। পশু শৰীৰতো  আছে জানা ইটো
 বিষয়ৰ যত সুখ।
 যিটো ধীৰ হয়  তেজিয়া বিষয়
 তৰৌক সংসাৰ দুঃখ॥

(ৰত্নাকৰ ভাঃ, ৩৮)

১২। সুত বিত্ত জায়া  বিষয় জঞ্জাল
 ছিণ্ডা মোৰ মোহ-জৰী।
 তোমাৰ চৰণ  নিতান্তে চিন্তিয়া
 ফুৰে কৃপা কৰা হৰি॥

(কীৰ্ত্তন, ১২৮০)

১৩। নাৰায়ণ! চৰণে কৰোহো গোহাৰি ,
 বিষয় বিলাস—পাশে ছান্দি ইন্দ্ৰিয়
 মোহি ওহি লুটে বাটোৱাৰি। ধ্ৰুং॥

পদ—নাসা গন্ধ  মধুৰ ৰস ৰসনা
 শ্ৰৱণা বিবিধ ধ্বনি ধাৱে।
 নমুনা ৰূপ  পৰশ ত্বচ চাহে
 কাহে ভজোহোঁ প্ৰভু! পাৱে॥

(বৰগীত, ৫)

⸻⸻