পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

বহু ধন ভৈলে হোৱে মৃত্যুসে বিস্তৰ।
আছয় আগতে শোক সমস্তে লোকৰ॥

(ৰত্নাকৰ ভাঃ ১০১৩)

৭। বিষয় বিলাস
 ওহি ভৱ-পাশ
 তেজু অভিলাষ
 কৰু হৰি নামে সুদৃঢ় বিছোৱাস॥

(ভটিমা, পত্নী প্ৰসাদ নাট)

৮। ও হৰি ৰাম   নাৰায়ণ যাদৱানন্দ
   দূৰ কৰা মোৰ মায়া।
 বিষয় ব্যাধিৰ   ঔষধ মাগো
   ভকতি অমিয়া॥

(কীৰ্ত্তন, ৩৬)

৯। অথিৰ জীৱন ধন যৌৱন দেহ।
 সুহৃদ সোদৰ সুত কিছু নোহে কেহ॥
 পেখিতে অমিয় ৰস বিষ পৰিণাম।
 তথিয়ে মজালোঁ মন মেৰি ৰাম॥
 নিৰমিল বিষ-বিম্বু কামিনী লোহ।
 তাসু পৰল মেৰি এমন মোহ॥
 তাকৰ ছোৰাইতে সখ নাহি থিক।
 গুৰুৱা মনোৰথ বাঢ়লি ধিক॥

(বৰগীত, ১৫)