পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 স্বৰ্গ ব্ৰহ্মপদে নকৰে বাঞ্চা।
 নকৰন্ত যোগ সিদ্ধিকো ইচ্ছা॥
 মোক্ষতো অভিলাষ নাহি হৰি।
 তোমাৰ চৰণ ৰেণূক এড়ি॥

(কীৰ্ত্তন, ৭৯১-৭৯৩)


২৯। কলিযুগে ইটো মহা উপায়।
 হৰিনাম লৈলে মুকুতি পায়॥
 বেদান্তৰো তত্ত্ব শুকৰ বাণী।
 জানি হেলা এড়া সমস্তে প্ৰাণী॥

(কীৰ্ত্তন, ১৬৪৮—১৬৪৯)


৩০। তোমাৰ ভক্তৰ সঙ্গ পায়া অনুপম।
 ধৰ্ম্ম অৰ্থ কাম মোক্ষ কৰৈ তৃণ সম॥

(কীৰ্ত্তন, ১৬৫৮)


৩১। বিষ্ণুময় দেখে যিটো সমস্তে জগতে।
 জীৱন্তে মুকুত হোৱে অচিৰ কালতে॥

(কীৰ্ত্তন, ১৮২৪)


৩২। নমো নমো যোগেশ্বৰ হৰি।
 ভৃত্যক শিখায়ো ভাল কৰি॥
 মুক্ত অৱস্থাতো মোৰ মন।
 নেড়ে যেন তোমাৰ চৰণ॥ (কীৰ্ত্তন, ১৮৩৫)।