পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 আছন্ত বহুত যদি মোক্ষৰ উপায়।
 মোক্ষত্তম পাঠ আত পৰে আন নাই॥

(ৰত্নাকৰ, ৪৯২-৪৯৪)


২৪। তোমাৰ পাৱত লৈলে যিজনে শৰণ।
 তযু গুণ-নাম কৰে শ্ৰৱণ-কীৰ্ত্তন॥
 মোক্ষ প্ৰসাদক প্ৰভু তোমাত নমাগে।
 ছাৰ স্বৰ্গ সুখ কোন তাসবাৰ আগে॥

(কীৰ্ত্তন, ২৬১)


২৫। যক্ষ বক্ষ স্ত্ৰী শূদ্ৰ যত ব্ৰজবাসী।
 পক্ষী মৃগ বিষ্ণু ভৈল কৃষ্ণক উপাসি॥

(কীৰ্ত্তন, ৩৬২)


২৬। তোৰ যশ ব্যাপিবে জগতে।
 ৰাত্ৰি দিনে মোক সুমৰন্তে॥
 সবে কৰ্ম্ম-বন্ধ হৈব হীন।
 অন্তকালে মোতে যাইবা লীন॥

(কীৰ্ত্তন, ৪৫৫)


২৭। নমাগোহো সুখ ভোগ নলাগে মুকুতি।
 তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি॥

(কীৰ্তন, ৫২৩)


২৮। যিটো পদৰজ ভকতে পাই।
 এড়ি সাৰ্ব্বভৌম পদতো দায়॥