পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
মহাপুৰুয শঙ্কৰদেৱৰ বাণী

২১। হৰি হেন ইটো   দুগুটি অক্ষৰ
   উচ্চাৰিয়ে একবাৰ।
 মোক্ষৰ পথক  পাইবাক লাগিয়া
   সিয়ো ভৈলা কাছপাৰ॥

(কীৰ্ত্তন, ২১৩)

২২। দেৱৰ দুৰ্ল্লভ  ইহেন জন্মক
   বৃথা কৰা কোন কামে।
 গৃহতে থাকিয়া   হৰিক স্মৰিয়া।
   মোক্ষ সাধা হৰিনামে॥

(কীৰ্ত্তন, ২১৫)

২৩। ব্ৰাহ্মণ চণ্ডাল চোৰ দাতা ক্ৰুৰ শান্ত।
 সবাত আমাক তুমি দেখিবা নিতান্ত॥
 তেজি লাজ গৰ্ব্ব মান হুৱা উপশাম।
 সমস্তকে দণ্ডৱতে কৰিবা প্ৰণাম॥
 সমস্ত ভূতত মোক নেদেখাহা যেবে।
 কায়বাক্য মনে যত্নে উপাসিবা তেবে॥
 সবাতে ঈশ্বৰ দৃষ্টি ভৈলা অসি যেবে।
 গুচিবে সংশয় কৃতকৃত্য হুইবা তেবে॥
 সৰ্ব্ব সাধনতে ইটো মহা মুখ্যত্তম॥
 ইটো মোৰ সন্মত জানিবা নৰোত্তম।৷