এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
মহাপুৰুয শঙ্কৰদেৱৰ বাণী
১৬। কৰিয়া কলিত কীৰ্ত্তন আতি।
পাৱে বৈকুণ্ঠক চৌত্ৰিশ জাতি॥ (কীৰ্ত্তন, ৭
কেৱল কীৰ্ত্তনে সংসাৰ তৰি।
বান্ধ ছিণ্ডি হোৱে আপুনি হৰি॥ (কীৰ্ত্তন, ৭
১৭। ৰাম নাম যিটো সততে গাৱে।
সেহিসে হাততে মুকুতি পাৱে॥ (কীৰ্ত্তন,
১৮। মুকুতি ৰসকো স্ৰৱে ভকতি।
তাক এড়ি কৰে জ্ঞানত ৰতি॥
দুঃখ মাত্ৰ পাৱে পাছেসে জানে।
কাঠ পতানক যেন বাহনে॥
(কীৰ্ত্তন,১২৭
১৯। ব্যাভিচাৰী দুষ্টা ব্ৰজ যুৱতী।
তথাপি কৃষ্ণত ভৈল ভকতি॥
জানিলো পাপীয়ে ভজোক মাত্ৰ।
এতেকে ভৈল মুকুতিৰ পাত্ৰ। (কীৰ্ত্তন, ২৯
২০। দোষৰ নিধান কলি যুগ অতি
এক মহা গুণ আছে।
কেৱলে কীৰ্ত্তনে সংসাৰৰ বন্ধ
এড়াই মোক্ষ পাৱে পাছে।
(কীৰ্ত্তন, ২০৯)