পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
মহাপুৰুয শঙ্কৰদেৱৰ বাণী

১৩। তোমাৰ ভক্তৰ মুখে তযু কথামৃত।
 শ্ৰৱণ কৰিতে নপাই যিটো মুকুতিত॥
 কদাচিতো সিটো মুকুতিক বাঞ্চা নাই।
 মাগো এক বৰ মই তোমত গোসাঁই॥

(ৰত্নাকৰ, ২২২-২২৩)

১৪। সকামী সকল  পাৱে কৰ্ম্মফল
   হৰিৰ নাম কীৰ্ত্তনে।
 নামৰ কীৰ্ত্তনে   মোক্ষ পদ পাৱে
   যতেক মুমুক্ষু জনে॥

(ৰত্নাকৰ, ২৭৭)

 হেন ভগৱন্ত  অনন্তক এড়ি
   মুকুতিক বাঞ্চা মনে।
 আনক আশ্ৰয়  কৰিবেক গৈয়া
   কোননো মুমুক্ষু জনে॥

(ৰত্নাকৰ, ২৮৫)

১৭। দুই গুটি অক্ষৰ হৰি নামক যিজন।
 একবাৰ মুখে মাত্ৰ কৰিলে কীৰ্ত্তন॥
 এতেকে মোক্ষক যাইবে ভৈলা কাচপাৰ।
 হৰিৰ নামৰ মহা মহিমা অপাৰ॥

(ৰত্নাকৰ, ২৯৩-১১০)