পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(খ)

 মেধি ভাঙৰীয়াই এই সংগ্ৰহটোৰ শেষত “টোকা” আৰু “পৰিশিষ্ট” নামে যি দুটা অধ্যায় যোগ কৰিছে, তাত মহাপুৰুষীয়া ধৰ্ম্মৰ আঁতি-গুৰি ভালদৰে ফঁহিয়াই দেখুৱা হৈছে; আৰু ইয়াতেই তেখেতৰ পাণ্ডিত্য ভালদৰে ফুটি উঠিছে। আশা কৰোঁ প্ৰত্যেক সুধী ব্যক্তিয়ে এই সংগ্ৰহটো পঢ়ি আমাক আনন্দ দিব।

 “মহাপুৰুষ শঙ্কৰদেৱৰ বাণী” সংগৃহীত হবৰ আজি কেইবা বছৰো হল। আমি তেখেতৰ হাতত এই সংগ্ৰহটো দেখি প্ৰচাৰ কৰিবলৈ হাতত লওঁ; কিন্তু আজি প্ৰায় এবছৰৰ মূৰতহে ৰাইজৰ আগত দাঙি ধৰিবলৈ সমৰ্থ হলোঁ। বিলম্ব হোৱাবাবে সকলোৰে ওচৰত ক্ষমা খুজিলোঁ।

নলবাড়ী, কামৰূপ।
৫ জেঠ, ৫০০ শঙ্কৰাব্দ।
বিনীত−
শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা।