পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


কোন কৰ্ম্ম কৰো আৱে কৰিয়ো আদেশ।
হেন শুনি বুলিলন্ত হাসি হৃষীকেশ॥
শুনিয়ো প্ৰকৃতি একোগুণে নোহা হীন।
তোমাৰে আমাৰে কিঞ্চিতেকো নাহি ভিন॥
মোৰ নিজ শকতি সম্যকে দেখো প্ৰাণ।
সত্বৰে কৰিয়ো মায়া জগত নিৰ্ম্মাণ॥
তোমাক চেতাইলো আমি এই অভিপ্ৰায়।
জানিয়োক ভালে তুমি মোৰ অৰ্দ্ধকায়॥
তোমাৰে আমাৰে একো নাহি ভিন্ন ভিন্ন।
মোতে যাতে লীন যাহা এহিখানি হীন॥

(অনাদি পাতন ৪৫—৪৯)


২। মায়া কৰি পূৰ্ব্বে তেহোঁ প্ৰকৃতি স্ৰজিলা।
মায়াগুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড কৰাইলা॥

( দ্বিতীয়, ৭৭)।


৩। প্ৰকৃতিৰো ঈশ্বৰ পুৰুষ স্বতন্তৰ।
নাহি যিটো ব্ৰহ্মৰ বাহিৰ অভ্যন্তৰ॥

( অনাদি পাতন ৩৮—৩৯)।


৪। চৌদ্ধয় ভূতক উদৰত দিলো ঠাই।
প্ৰকৃতি ময়াও আছে গৰ্ভতে লুকাই॥

(অনাদি পাতন, ৪২)


৫। জগত কাৰণ যিটো প্ৰকৃতি পুৰুষ॥
তাহাৰো কাৰণ তুমি জানিলো সম্প্ৰতি।
তোমাৰ অধীন দুয়ো পুৰুষ প্ৰকৃতি॥

(কুৰুক্ষেত্ৰ, ১৮৩৩৬—৩৭)।