পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


জাগন স্বপন   নিৰ্ভৰ যে নিদ্ৰা
 ই তিনি মনৰ বৃত্তি।
মনৰ নিৰোধে তিনিও গুণৰ
 আত্মাত মিছা প্ৰতীতি॥
যেহেন পুৰুষ স্বপন চিন্তয়
 ঘুমটিৰ উঠি জাগি।
সেই মতে মনে  অনুক্ষণে সৰে
 মিছা বিষয়ক লাগি॥
হেন জানি ইটো  মনক নিয়ম
 কৰিয়ো এড়ি আলাস।

(দশম, ২৩৯২-২৩৯৫)

⸻⸻

পুৰুষ-প্ৰকৃতি

১। সৃষ্টি কৰিবাক ঈশ্বৰৰ ইচ্ছা কাজ।
পুৰুষৰ পৰা মহামায়া ভৈল বাজ॥
অনাদি ৰূপিনী ঈশ্বৰৰ অৰ্দ্ধকায়।
ব্যক্ত ভৈলা মহামায়া সৃষ্টিক ইচ্ছায়॥
 × × × ×
প্ৰণিপাত পুৰুষক কৰিয়া সেৱালি।
আগতে বিনাৱে মায়া কৰি কৃতাঞ্জলি॥