পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

মনে পাপ মনে পুন্য মনেসে নৰক।
মনেসে কৰিছে ভেদ আপোন পৰক॥
যতেক ইন্দ্ৰিয়গণ মনৰ অধীন।
মনৰেসে আজ্ঞাপালি থাকে ৰাত্ৰি দিন॥
মনে উপজয় জানা মনেসে মৰণ।
মনুষ্যৰ মনে মোক্ষ বন্ধৰ কাৰণ॥
যত দেখা দেৱ-ধৰ্ম্ম মনৰ প্ৰৱন্ধ।
তাৰে বন্দী থাকে জীৱ নেৰায় কৰ্ম্ম-বন্ধ॥

(অনাদি পাতন, ৬০—৭১)


২। যেন জলবায়ু  পৃথিবী আকাশ
 ব্যাপি আছে চৰাচৰ।
সেইমতে মই  মন বুদ্ধি প্ৰাণ।
 ব্যাপি আছো সমস্তৰ॥
আপোনাতে মই  আপোনাকে স্ৰজো
 আপুনি পালো সকলে।
আপোনাকে পাছে  আপুনি সংহৰো
 আপোন মায়া বলে॥
পৰম বিশুদ্ধ গুণহীন মই
 জ্ঞানৰূপ আত্মা এক।
মোতে আছে ইটো  জগত, মই পুনু
 জগতত ব্যতিৰেক॥