এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
সমস্ত কৰ্ম্মক মই কৰোঁ বুলি মানে।
অহঙ্কাৰ বুলি তাক জানিবা আপোনে॥
নানা সৎকামক কৰয় নিতে নিত।
নিশ্চয় জানিবা ৰাজা তাৰ নাম চিত্ত॥
আৰ যে মনৰ কথা শুনিয়ো আপেক্ষি।
কাছিলে নটক যেন ভিন্ন ৰূপ দেখি॥
মনৰ কল্পনা মানে সমস্ত সংসাৰ।
জাগন স্বপন নিদ্ৰা তিনি বৃত্তি যাৰ॥
আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত।
ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত॥
তাকে বুলি জীৱ মন এৰে ভিন্ন নুই।
এক পিণ্ড ভৈল যেবে লোহা-অগ্নি দুই॥
মনে দুঃখ পাইলে জীৱে বোলে মই পাওঁ।
মনে যৈকে যাৱে জীৱে বোলে মই যাওঁ॥
মনে যিবা কৰে জীৱে বোলে মই কৰোঁ।
মনৰ মৰণে জীৱ বোলে মই মৰো॥
যেন সূৰ্য্য-বিম্ব লৰে জলৰ লগত।
জল স্থিৰ ভৈলে বিম্ব থাকে পূৰ্ব্ববত॥
মনৰ কৰ্ম্মক যিটো মোৰ বুলি মানে৷
কৰ্ম্মপাশে বন্দী জীৱ এহিসে নিদানে॥
আত্মাৰ প্ৰসঙ্গে মন হৱে অচেতন।
মনতেসে আছে ইটো চৌধ্যয় ভুবন॥