পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


ফেণ হেন দেহা হোৱে ক্ষণেকে বিনাশ।
ইহাতে কৰিলে সবে সুদৃঢ় বিশ্বাস॥

(দ্বাদশ, ৭২—৭৩)

⸻⸻

জীৱন

১। জীৱন চঞ্চল পদ্ম-পত্ৰ-জল
 পৰি যেন থিৰ নুই।
তিলেকে সংযোগ  তিলেকে বিয়োগ
 যেন আধামৰা জুই॥

(দশম, ২১৯)

২। জল বুদ্ বুদ্ যেন অথিৰ জীৱন।
কেতিক্ষণে পৰে দেহা নাহি নিৰূপণ॥

(অনাদি পাতন, ১৫৯)

⸺⸺

মন, বুদ্ধি, অহঙ্কাৰ


১। নানা কৰ্ম্ম কৰিবাক কৰে আলোচন।
একো কাৰ্য্যে স্থিৰ নোহে তাকে বুলি মন॥
সংকল্প-বিকল্প ধৰ্ম্ম কৰে আলোচন।
বুদ্ধি নাম বুলি তাক জানিবা লক্ষণ॥