পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


নিতান্ত অধম হুয়া প্ৰলয় যাৱত।
জন্ম-মৃত্যু ৰূপ দুঃখ ভুঞ্জে নানামত॥

(নিমি নৱসিদ্ধ, ১১০—১১৩)

⸻⸻⸻⸻


জনম-মৰণ

১। জন্তুৰো উপজে মৃত্যু দেহৰ লগতে॥
আজি মৃত্যু হৌক নুহি শতেক অন্তৰে।
অৱশ্যে মৰণ আছে সব জগতৰে॥
কৰ্ম্মৰ অধীন জীৱ যেতিক্ষণে যায়
এড়ি পূৰ্ব্ব দেহা আউৰ শৰীৰক পায়॥
যেন জোঁকে তৃণ পাইলে এড়ে আৰ তৃণ।
জীৱন-মৰণ স্বপ্ন এৰে নুহি ভিন॥

(দশম, ২৮—২৯)



২৷ জনম মৰণ মিলে নিজ কৰ্ম্ম গতি।
সুখ-দুঃখ-দাতা আন নাহিকে নৃপতি॥

(দ্বাদশ, ২৭১)



৩। ধন জন বিভৱ তিলেকে হোৱে ছন্ন।
আপোনাৰ নজানয় জীৱন-মৰণ॥
নজানে, দুৰ্গতি মৃত্যু ঘূৰে আগে আগে।
মাৰিব কধৰি হৰিণক যেনে বাঘে॥