পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

৪। পিতৃ মাতৃ ভাতৃ  ভাৰ্য্যাৰ সংযোগ
 কতোহো মিলে সন্তোষ।
তাহাৰ বিয়োগে  কতো শোকে কান্দো
 পায়া মহা অসন্তোষ॥
দেৱ মনুষ্যত কীট পতঙ্গত
 জগত মধ্যত স্বামী।
চৈধ্যয় ভুবন হেন থান নাহি
 যৈক নতু যাওঁ আমি॥
কতো নৰকত  থাকো কদাচিত
 স্বৰ্গক কৰোহো গতি।
মনুষ্য লোকত  থাকো কতো বেলা
 পশুৰো হওঁ সঙ্গতি॥
জল-যন্ত্ৰ চক্ৰে  জৰী বন্ধ হুয়া
 থণ্ড ঘট যেন মতে।
কতো উৰ্দ্ধ গতি  কতো অধোগতি
 কতোহো থাকো মধ্যতে॥
কৰ্ম্মে বন্ধ হুয়া  সংসাৰ চক্ৰত
 সেহিমতে ভগৱন্ত।
ভ্ৰমো চিৰকাল কদাচিত মই
 দুঃখৰ নেদেখো অন্ত॥
মোহ শোক তৃষ্ণা  আকুল কৰয়
 ভৈলো অতি অচেতন।